আজি কালীপূজা। এই উৎসৱ পোহৰৰ উৎসৱো। আৰু সেইবাবেই ইয়াৰ এটা নাম দীপান্বিতা। শ্যামা পূজা, মহানিশা পূজা বুলিও অভিহিত কৰা হয়। কাৰ্তিকৰ অমাৱস্যা তিথিত পূজা কৰা হয় কালীক। এই বছৰ সোমবাৰ অৰ্থাৎ ২৪ অক্টোবৰ বা ৭ কাৰ্তিক কালীপূজা আৰু দীপাৱলী একেদিনাই পৰিছে। দৃক সিদ্ধান্ত পঞ্জিকা মতে, সোমবাৰে বিয়লি ৫.২৭ বজাত অমাৱস্যা আৰম্ভ হৈছে। থাকিব পিছদিনা বিয়লি ৪.১৮ বজালৈ। কালীপূজাৰ সময় হৈছে নিশা ১১.৫০ বজাৰ পৰা ১২.৩৯ বজালৈ। কালীপূজাৰ অমাৱস্যাৰ পূৰ্বৰ তিথিত পালিত হয় ভূত চতুৰ্দশী। এই বছৰ দেওবাৰে সন্ধিয়া ৬.০২ বজাত ত্ৰয়োদশী বা ধনতেৰছ শেষ হৈ ভূত চতুৰ্দশী আৰম্ভ হৈছে। সেয়ে সন্ধিয়া ১৪ বাতি প্ৰজ্বলন কৰাৰ ৰীতি পালন কৰা হৈছে। অৱশ্যে ভূত চতুৰ্দশীৰ দিনা চৈধ্য শাক-পাচলি খোৱাৰ পৰম্পৰাও আছে। সোমবাৰে পুৱা ইয়াক পালন কৰা যাব। কাৰণ আজিৰ দিনটোত বিয়লি ৫:২৭ বজালৈ চতুৰ্দশী থাকিব।