এতিয়া সমগ্ৰ দেশত কোৰোণা ভাইৰাছৰ সন্ত্ৰাস। কোৰোণাক প্ৰতিহত কৰিবলৈ সৰ্বত্ৰ ল’ক ডাউন। এনে কঠিন পৰিস্থিতিৰ মাজতো জিঅ’ই নিজৰ গ্ৰাহকৰ বাবে আগবঢ়াইছে বিশেষ সুবিধা । ল’ক ডাউন শেষ নোহোৱা পৰ্যন্ত গ্ৰাহকে লাভ কৰিব ইনকামিং কলৰ সুবিধা। যাৰ উপাৰ্জন কম বা ল’ক ডাউনৰ ফলত ৰিচাৰ্জ কৰিব পৰা নাই তেওঁলোকৰ কথা ভাবিয়েই জিঅ’ই নিজৰ সকলো গ্ৰাহকৰ বাবে আগবঢ়াইছে এই সুবিধা। MyJio আৰু Jio.com ৰ দ্বাৰা সকলো গ্ৰাহককে কানেক্ট কৰা হৈছে। Digital Recharges: জিঅ’ৰ তৰফৰ পৰা সুনিশ্চিত কৰা হৈছে যে, প্ৰতিজন জিঅ’ ব্যৱহাৰকাৰীয়ে MyJio বা Jio.com ৰ জৰিয়তে ৰিচাৰ্জ কৰিব পাৰিব। PHYSICAL RECHARGES: সুত্ৰ অনুসৰি অহা ২০ এপ্ৰিলৰ পৰা ৰিলায়েঞ্চৰ জিঅ’ৰ বেছিভাগ আউটলেট খোলা হ’ব। THIRD-PARTY RECHAGES: Wallets ৰ লগতে ডিজিটেল পাৰ্টনাৰ যেনে, PhonePe, PayTM, Gpay, AmazonPay, Mobikwik, Freecharge জৰিয়তে ৰিচাৰ্জ কৰিব পাৰিব।