বিগত দুটা বছৰ ধৰি ৰণবীৰ কাপুৰৰ সৈতে সম্পৰ্কত আছে আলিয়া ভাট। একাধিক টেলিভিছন শ্ব’ বা এৱাৰ্ড ফাংচনত একেলগে দেখা গৈছে দুয়োকে। মুকলিকৈ দুয়োকে মনৰ কথাও কোৱা দেখা গৈছে। একাধিক স্থানত সময় কটোৱাও দেখা গৈছে। ছচিয়েল মিডিয়াই হওক বা বলীউদতে হওক চৰ্চিত এই যুটী। শেহতীয়াকৈ শুনা গৈছে অহা বছৰ বিবাহপাশত আবদ্ধ হ’ব এই জনপ্ৰিয় যুটী। এয়া সঁচা নেকি? জনালে আলিয়াই নিজেই। (ফটো : সংগৃহীত) লকডাউনৰ সময়ত একাধিক তাৰকাক বিবাহপাশত আবদ্ধ হোৱা দেখা গৈছে। লকডাউনৰ শেষতো বলীউদত অব্যাহত আছে বিয়াৰ বতৰ। চৰ্চা চলিছে ৰণবীৰ–আলিয়াৰ বিয়াক লৈও। কিন্তু এই বিষয়ে মুখ খোলা নাই ৰণবীৰ বা আলিয়াই। তেওঁলোকৰ পৰিয়ালৰ ফালৰ পৰাও এনে ধৰণৰ প্ৰশ্নৰ উত্তৰ এৰাই চলিছে। (ফটো : সংগৃহীত) পিংকভিলাক দিয়া এক সাক্ষাৎকাৰত অভিনেত্ৰী আলিয়াই জনায়, তেওঁ অহা বছৰতো বিয়াত নবহে। বিয়াৰ কোনো পৰিকল্পনাই নাই বৰ্তমান। কাৰণ হিচাপে নিজৰ বয়সৰ কথা উল্লেখ কৰে আলিয়াই। আলিয়াৰ বয়স মাত্ৰ ২৫ বছৰ। তেওঁৰ মতে, এয়া বিয়াৰ বাবে অত্যন্ত কম বয়স! সাংবাদিকক উদ্দেশ্যি আলিয়াই কয়, সকলোৱে কিয় মোক হঠাৎ এই প্ৰশ্ন কৰা আৰম্ভ কৰিছে যে মই বিয়াত বহিব ওলাইছো? আপোনালোকেতো জানে মোৰ বয়স ২৫ বছৰ। মোৰ মতে এয়া বিয়াৰ বাবে খুব কম বয়স! (ফটো : সংগৃহীত) আগষ্টত টাইমছৰ এক ৰিপ’ৰ্টত প্ৰকাশিত তথ্য অনুসৰি, ৰণবীৰ আৰু আলিয়া ২০২০ চনত বিয়াত নবহে কামৰ চাপৰ বাবে। কিন্তু একাংশ সংবাদ মাধ্যম, আনকি এই যুটীৰ ঘনিষ্ঠ মহলে দাবী কৰে, শীঘ্ৰে বিয়াত বহিব ৰণবীৰ–আলিয়া। ২০২০ত নহ’লেও ২০২১ত বিয়াত বহিব দুয়ো। (ফটো : সংগৃহীত) সম্প্ৰতি জুম টিভি এণ্টাৰটেইনমেণ্টে তেওঁলোকৰ ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। য’ত ৰণবীৰৰ সৈতে বহি গান গোৱা দেখা গৈছে আলিয়াক। লাভ আজ কল ছবিৰ ‘ইয়ে দুৰিয়া’ গীতটো গাইছে দুয়ো। (ফটো : সংগৃহীত) এছ এছ ৰাজামৌলিৰ এখন ছবিৰ কাম শেষ কৰি হায়দৰাবাদৰ পৰা মুম্বাইলৈ উভতিছে আলিয়া। ইয়াৰ পিছত সঞ্জয় লীলা ভাঞ্চালীৰ গাংগুবাঈ কাথিয়াৱাড়ীৰ শ্বুটিং আৰম্ভ কৰাৰ কথা। (ফটো : সংগৃহীত)