গল্ফৰ বিশ্ব ৰেংকিঙত ২০০ তম স্থানত আছে অদিতি অশোক। তাৰ পিছতো এইবাৰৰ অলিম্পিকত বিশ্বৰ বহু তাৰকা গল্ফাৰৰ বিৰুদ্ধে তেওঁ যুঁজ দিছিল। অদিতি অশোক আছিল দেশবাসীৰ বাবেও এক অপৰিচিত নাম। কিন্তু অলিম্পিকত আগবঢ়োৱা পদৰ্শনেৰে সকলোৰে মাজত চিনাকী হৈ পৰিছে অদিতি অশোক। তেওঁ মাত্ৰ এটা শ্ব'টৰ বাবে পদক লাভৰ পৰা বঞ্চিত হ'ল। গল্ফৰ ব্যক্তিগত শাখাত চতুৰ্থ স্থানতে সন্তুষ্ট থাকিল খেলুৱৈগৰাকী।