ৰীল লাইফৰ ভিলেইন চনু সোদৰ মহানিভৱতাৰ কথা কোনে পাহৰিব। কোৰোণাৰ সময়ত প্ৰব্ৰজিত শ্ৰমিক সকলৰ বাবে ত্ৰাণকৰ্তা হৈ পৰা চনু সোদৰ আজি জন্মদিন। কিছুদিনৰ পৰা চনু সোদক বহুতে ছচিয়েল মিডিয়াত ভগৱানৰ অৱতাৰ বুলি মন্তব্য কৰিছে। কোৰোণা মহামাৰীৰ সময়ত নিজৰ হোটেল খনো কোৰোণা যুদ্ধাৰ বাবে বিনামূলীয়াকৈ আগবঢ়াই দিছে চনু সোদে। নিজৰ কৰ্মৰ জৰিয়তে বহুতৰে হৃদয় জয় কৰা চনু সোদৰ জন্মদিনৰ দিনা বিভিন্নজনে জনাইছে শুভেচ্ছা। ১৯৭৩ চনৰ ৩০ জুলাইত পঞ্জাৱত জন্ম হৈছিল চনু সোদৰ। কেৱল হিন্দী ছবিয়েই নহয়, তেলেগু, কানাড়া আৰু তামিল ছবিত অভিনয় কৰি আহিছে চনু সোদে। অভিনেতা হোৱাৰ লগতে চনু সোদ ইলেক্ট্ৰিকেল ইঞ্জিনীয়াৰো। ২০১৬ চনত শক্তি সাগৰ প্ৰডাকশ্যন নামেৰে চনু সোদে আৰম্ভ কৰে এটা প্ৰযোজনা গোষ্ঠী। চনুৰ পত্নীৰ নাম সোনালী। দুটাকৈ সন্তানৰ পিতৃ চনু সোদ। ১৯৯৯ চনত তামিল ছবি কল্লাজহগৰৰ জৰিয়তে কেৰিয়াৰ আৰম্ভ কৰে চনু সোদে। ২০০২ চনত প্ৰথমবাৰলৈ বলীউদৰ ছবিত দেখা যায় চনু সোদক। কোৰোণাৰ সংকটৰ সময়ত চনু সোদে দুখীয়া ছাত্ৰ-ছাত্ৰী, প্ৰব্ৰজিত শ্ৰমিকক ঘৰত থোৱাৰ ব্যৱস্থা কৰিছিল। বহু হাজাৰ লোকৰ খোৱাৰ ব্যৱস্থাও কৰি দিছিল চনুৱে।