অসম তথা দেশৰ বিভিন্ন প্ৰান্তত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে আইনৰ সমৰ্থনত প্ৰৱল জনমত সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে কেন্দ্ৰই। শেহতীয়াকৈ কেন্দ্ৰৰ এনে বহু কেইটা প্ৰচেষ্টা সমালোচনা আৰু ছচিয়েল মিডিয়া টিপ্পণীৰো বলি হৈছে। দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰী পিয়ুষ গোৱেলে মুম্বাইত বলিউড চেলিব্ৰিটিসকলৰ কাৰণে এই সন্দৰ্ভত আলোচনা কৰিবলৈ এক নৈশ অভ্যৰ্থনাৰ আয়োজন কৰিছিল। এই মিটিঙৰ পৰা সংবাদ মাধ্যমকো আঁতৰাই ৰখা হৈছিল। পিয়ুষ গোৱেলৰ সৈতে এই মিটিঙত গুজৰাটী টেলিভিজন নিৰ্মাতা তথা পৰিচালক জমনাদাস মাজিঠিয়া, দিলীপ যোশী, শৈলেন্দ্ৰ লড়া, ছবি পৰিচালক অভিষেক কাপুৰ, ৰাহুল ৰায়েল, কুনাল কোহলী, ৰিতেশ সিধৱানী, প্ৰজ্ঞা কাপুৰ, ভূষণ কুমাৰ, সংগীত পৰিচালক অনু কাপুৰ, শান, কৈলাশ খেৰ, ৰূপ কুমাৰ ৰাথোড়, ৰণবীৰ শোৰী আদি সন্মিলিত হয়। আনহাতে এই ডিনাৰ পাৰ্টীলৈ বলিউডৰ বহু কেইগৰাকী দিগগজ নহাকৈ থাকে।