আপোনাৰ গাড়ীখন ১৫ বছৰ বা তাতকৈ অধিক পুৰণি নেকি? তেন্তে এইবাৰ আপোনাৰ খৰচ বাঢ়িব। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰণালয়ে এক বিবৃতিত জনাইছে এই কথা। মঙলবাৰে মন্ত্ৰণালয়ৰ নিৰ্দেশনাত স্পষ্টকৈ কোৱা হৈছে যে ১৫ বছৰৰ অধিক বয়সৰ গাড়ীৰ নথিভুক্তকৰণৰ ক্ষেত্ৰত খৰচ বাঢ়িব ৮গুণ। বৰ্তমান নতুন চাৰিচকীয়া গাড়ীৰ পঞ্জীয়নৰ বাবে খৰচ হয় বাৰ্ষিক ৬০০ টকা। এতিয়া ১৫ বছৰ পুৰণি গাড়ীৰ ৰেজিষ্ট্ৰেচনৰ ক্ষেত্ৰত খৰচ হ’ব ৫ হাজাৰ টকা। আনহাতে, নতুন বাইকৰ ক্ষেত্ৰত ৰেজিষ্ট্ৰেচন পাবলৈ খৰচ হয় ৩০০ টকা। গাড়ী পুৰণি হ’লে খৰচ হ’ব এহাজাৰ টকা। ১৫ বছৰ পুৰণি বাছ আৰু ট্ৰাকৰ ক্ষেত্ৰত ৰেজিষ্ট্ৰেচন ফিজ এতিয়া দিব লাগে ১৫০০ টকা। কিন্তু ইয়াৰ পিছত দিব লাগিব ১২ হাজাৰ ৫০০ টকা। এই নিয়ম কাৰ্যকৰী হ’ব ২০২২ চনৰ ১ এপ্ৰিলৰ পৰা।