পুনৰ এবাৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলে বেতন বৃদ্ধিৰ সুখবৰ পাব পাৰে। ডিএ, এইচআৰএ, টিএৰ পিছত আৰু এক ডাঙৰ উপহাৰ পাব পাৰে কৰ্মচাৰীসকলে। আচলতে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ ফিটমেণ্ট ফেক্টৰ বৃদ্ধিৰ আলোচনা চলিছে। ইয়াৰ পূৰ্বে ২০১৬ চনত ফিটমেণ্ট ফেক্টৰ বৃদ্ধি হৈছিল। সেই সময়ত কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীসকলৰ মূল বেতন (Basic Salary) একেকোবে ৬০০০ টকাৰ পৰা ১৮০০০ টকা হৈছিল। এইবাৰ মোদী চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ বাবে বেতনত (CG employees salary) পুনৰ বৃদ্ধি কৰিব পাৰে। সূত্ৰৰ খবৰ অনুসৰি, নতুন বছৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ ফিটমেণ্ট ফেক্টৰ (Fitment Factor) বাঢ়িব পাৰে (7th Pay Commission)। ফিটমেণ্ট ফেক্টৰ বৃদ্ধিৰ লগে লগে ন্যূনতম বেতন পুনৰ বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে। ফিটমেণ্ট ফেক্টৰ যদি কাৰ্যকৰী হয় তেন্তে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহা আঢ়ৈগুণ বাঢ়িব পাৰে। সপ্তম দৰমহা আয়োগৰ (7th Pay Commission) পৰামৰ্শমৰ্মে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ সকলো ভাত্তাসহ বেতন নিৰ্ধাৰিত হয়। ফিটমেণ্ট ফেক্টৰো মূল বেতনৰ মাধ্যমত নিৰ্ধাৰিত হয়। আচলতে কৰ্মচাৰীসকলৰ দীৰ্ঘসময় ধৰি দাবী আছিল যে ফিটমেণ্ট ফেক্টৰ বৃদ্ধিৰ ২.৫৭ শতাংশৰ পৰা ৩.৬৮ শতাংশ কৰা হওক। ফলত কৰ্মচাৰীসকলৰ ন্যূনতম বেতনো বৃদ্ধি পাব। আশা কৰা হৈছে ১ ফেব্ৰুৱাৰী ২০২২ত যি বাজেট দাখিল কৰা হ’ব তাত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ফিটমেণ্ট ফেক্টৰৰ বিষয়ক লৈ আলোচনা কৰা হ’ব। তাৰ পিছতে কৰ্মচাৰীসকলে আশা কৰিব পাৰে ন্যূনতম দৰমহা বৃদ্ধি পোৱাৰ। ন্যূনতম বেতন=১৮,০০০ টকা, ভাত্তা যোগ কৰি বেতন ১৮,০০০X২.৬০=৪৬,২৬০ টকা, ৩ শতাংশকৈ বৃদ্ধি হ’লে বৃদ্ধি পাব ২৬,০০০X৩ = ৭৮,০০০ টকা, মুঠ বৃদ্ধি পাব পাৰে ৭৮,০০০-৪৬,২৬০=৩১,৭৪০ টকা। অৰ্থাৎ কৰ্মচাৰীসকলৰ বেতন বৃদ্ধি পাব ৩১,৭৪০ টকা। এই গণনা ন্যূনতম বেছিক ছেলাৰীৰ নিৰিখত হৈছে। যিসকলৰ বেছিক ছেলাৰী আৰু বেছি তেওঁলোকৰ আৰু বেছি বাঢ়িব।