কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ডিএ পূৰ্বে তিনি শতাংশ বৃদ্ধি কৰা হৈছে। পুনৰ জুলাই–আগষ্ট মাহত ডিএ বৃদ্ধিৰ প্ৰবল সম্ভাৱনা আছে। লগতে আন এক ডাঙৰ খবৰ মোদী চৰকাৰৰ কৰ্মচাৰীৰ বাবে। কেৱল ডিএ নহয়, আন ভাত্তাও বৃদ্ধি হ’ব পাৰে। মহাৰ্ঘ ভাত্তা বৃদ্ধিৰ পিছত এইবাৰ কৰ্মচাৰীৰ টিএ বা ট্ৰেভেল এলাউঞ্চ বাঢ়িব পাৰে। লগতে চিটি এলাউঞ্চো বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আচলতে ডিএ বৃদ্ধিৰ লগে লগে টিএ আৰু চিএও বৃদ্ধি হ’ব পাৰে বুলি জানিব পৰা গৈছে। প্ৰভিডেণ্ট ফাণ্ড আৰু গ্ৰেচুইটী বৃদ্ধি প্ৰায় নিশ্চিত। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বেছিক দৰমহা আৰু ডিএৰ ওপৰত নিৰ্ভৰ কৰি প্ৰভিডেণ্ট ফাণ্ড আৰু গ্ৰেচুইটী বৃদ্ধি প্ৰায় নিশ্চিত। শুনিব পৰা মতে, জুলাইৰ পূৰ্বেই এই বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীসকলৰ সংগঠনেও ইয়াৰ মাজতে চৰকাৰৰ ওপৰত ১৮ মাহৰ বকেয়া ডিএৰ টকাৰ বাবে চাব বৃদ্ধি কৰিছে। সংগঠনৰ ফালৰ পৰা জনাইছে, বেতন আৰু ভাত্তা কৰ্মচাৰীসকলৰ অধিকাৰ। মোদী চৰকাৰৰ কৰ্মচাৰীসকলে বকেয়া ১৮ মাহৰ ডিএৰ টকাও পাব পাৰে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধিৰ লগতে এইচআৰএ, ট্ৰেভেল এলাউঞ্চ বৃদ্ধিৰ পথ পৰিষ্কাৰ হৈছে ইতিমধ্যে। কেন্দ্ৰীয় কৰ্মচাৰীসকলে একেলগে চাৰিটা ভাত্তাৰ সুবিধা পাব পাৰে। কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ বিগত ৯ মাহৰ ডিএ বৃদ্ধিপ্ৰাপ্ত হৈ দুগুণ হৈছে। পুনৰ জুলাই–আগষ্টত ডিএ বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে।