মোদী চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ। নতুন বছৰত কেইবাটাও ডাঙৰ খবৰ লাভ কৰি কেন্দ্ৰীয় কৰ্মচাৰীসকলে। ২০২৩ৰ আৰম্ভণিতে কেইবাটাও বিষয়ক লৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব পাৰে সিদ্ধান্ত। (প্ৰতীকী ফটো) নতুন বছৰত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে বৰ্ধিত হাৰত ডিএ লাভ কৰিব, ইয়াৰ উপৰি মোদী চৰকাৰৰ কৰ্মচাৰীসকলে তিনিটা ডাঙৰ সুবিধা লাভ কৰিব পাৰে। কেন্দ্ৰীয় চৰকাৰে ল’ব পাৰে ডাঙৰ সিদ্ধান্ত। (প্ৰতীকী ফটো) এই সকলো সিদ্ধান্ত সংযুক্ত হৈ আছে বেতনৰ সৈতে। দীৰ্ঘদিন ধৰি ফিটমেণ্ট ফেক্টৰক লৈ ডাঙৰ সিদ্ধান্ত ল’ব পাৰে কেন্দ্ৰীয় চৰকাৰে। (প্ৰতীকী ফটো) বিশেষজ্ঞসকলে ধাৰণা কৰিছে, ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীসকলে ডাঙৰ উপহাৰ পাব পাৰে। ইয়াৰ উপৰি মহাৰ্ঘ ভাত্তা আৰু পুৰণি পেঞ্চন যোজনাক লৈও ডাঙৰ সিদ্ধান্ত ল’ব পাৰে কেন্দ্ৰীয় চৰকাৰে। (প্ৰতীকী ফটো) সেয়ে নতুন বছৰত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ডাঙৰ উপহাৰ লাভ কৰিব পাৰে কেন্দ্ৰীয় কৰ্মচাৰীসকলে। কিয়নো ডিএ, এইচআৰএ, টিএ, প্ৰমোচন তাৰ পিছতে ফিটমেণ্ট ফেক্টৰ বাঢ়িব পাৰে। (প্ৰতীকী ফটো) সূত্ৰ অুসৰি, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ৮০০০ টকা দৰমহা বৃদ্ধি কৰাৰ বিষয়ক লৈ চিন্তা–চৰ্চা কৰিছে কেন্দ্ৰীয় চৰকাৰে। আছলতে ফিটমেণ্ট ফেক্টৰ বৃদ্ধি হ’লে বাঢ়িব বেছিক ছেলাৰী। (প্ৰতীকী ফটো) সপ্তম দৰমহা আয়োগৰ অন্তৰ্গত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ন্যূনতম দৰমহা ১৮০০০ টকা। আগন্তুক ১ ফেব্ৰুৱাৰী ২০২৩ত মোদী চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা ঠিক কিমানখিনি বাঢ়িব সেই বিষয়ে সিদ্ধান্ত লোৱা হ’ব পাৰে। (প্ৰতীকী ফটো) প্ৰতি ৬ মাহৰ মূৰে মূৰে মোদী চৰকাৰৰক কৰ্মচাৰীৰ ডি এ জৰীপ কৰা হয়। AICPI সূচকাংক অনুসৰি মোদী চৰকাৰৰ কৰ্মচাৰীৰ ডিএ কাৰ্যকৰী হয়। (প্ৰতীকী ফটো) প্ৰতি বছৰৰ দৰে এইবছৰো জানুৱাৰী আৰু জুলাইত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধি পাইছে। অনুমান কৰা হৈছে, জানুৱাৰী ২০২৩ত ৪ শতাংশ ডিএ বৃদ্ধি পাব পাৰে। যদিও অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰত AICPIৰ সূচাংক আহিবলৈ বাকী আছে। (প্ৰতীকী ফটো) আগন্তুক বছৰত কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ বাবে পুৰণি পেঞ্চনক লৈ ডাঙৰ উপহাৰ লাভ কৰিব পাৰে। ২০২৩ চনত পুৰণি পেঞ্চন আঁচনি কাৰ্যকৰী হ’ব পাৰে। (প্ৰতীকী ফটো) মোদী চৰকাৰৰ কৰ্মচাৰীসকলে দীৰ্ঘদিন ধৰি পুৰণি পেঞ্চনক লৈ দাবী কৰি আহিছে। একাংশ ৰাজ্য চৰকাৰৰ ভোটৰ প্ৰতিশ্ৰুতি হিচাপে পুৰণি পেঞ্চন ঘূৰাই অনাৰ বিষয়টোও পোহৰলৈ আহিছে (প্ৰতীকী ফটো) সূত্ৰ অনুসৰি, মোদী চৰকাৰৰ কৰ্মচাৰীসকলে ২০২৪ত পুৰণি পেঞ্চন কাৰ্যকৰী হ’ব পাৰে বুলি জল্পনা কল্পনা চলিছে। (প্ৰতীকী ফটো)