আকৌ ভাল খবৰ আহিছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ। প্ৰথমে ডিএ তাৰ পিছত এইছআৰএ আৰু টিএ। ইয়াৰ পিছত নতুন বছৰত পুনৰ ডাঙৰ উপহাৰ লাভ কৰিবলৈ আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকল। ২০২২ চনত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বেতন বাঢ়িব। সূত্ৰৰ খবৰ অনুসৰি, কেন্দ্ৰীয় আৰু ৰাজ্য কৰ্মচাৰীৰ ফিটমেণ্ট ফেক্টৰ বাঢ়িব পাৰে। কেন্দ্ৰীয় চৰকাৰে ফিটমেণ্ট ফেক্টৰ বঢ়োৱাৰ লগে লগে নূন্যতম বেতনো বৃদ্ধি কৰিব পাৰে বুলি চৰ্চা চলিছে। কেন্দ্ৰীয় চৰকাৰৰ ওপৰত কৰ্মচাৰীসকলে দীৰ্ঘসময় ধৰি দৰমহা বৃদ্ধিৰ আবেদন জনাই আহিছিল। এতিয়া ফিটমেণ্ট ফেক্টৰ ২.৫৭ শতাংশৰ পৰা ৩.৬৮ শতাংশলৈ বাঢ়িব পাৰে। আশা কৰা হৈছে যে, ২০২২ চনত কেন্দ্ৰীয় বাজেট যি ১ ফেব্ৰুৱাৰীত সংসদত উত্থাপন কৰা হ'ব। আৰু ইয়াৰ পূৰ্বেই নৰেন্দ্ৰ মোদী চৰকাৰে কৰ্মচাৰীৰ ফিটমেণ্ট ফেক্টৰৰ ওপৰত সিদ্ধান্ত লব পাৰে। তাৰ পিছতে নূন্যতম বেতন বৃদ্ধি পাব। কেন্দ্ৰীয় কৰ্মচাৰীৰ ফিটমেণ্ট ফেক্টৰৰ বিষয়ত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন লাভ কৰিব পাৰে।