কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰী (Central Government Employees) আৰু পেঞ্চনভোগীসকলৰ বাবে পুনৰ আনন্দৰ খবৰ। ডিএ আৰু ডি আৰ (Dearness Allowance, Dearness Relief) ৩ শতাংশ বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে। অৰ্থাৎ এইবাৰৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে ৩৪ শতাংশ হাৰত মহাৰ্ঘ ভাত্তা বা ডি এ লাভ কৰিব। AICPI Indexৰ সূচক অনুসৰি ডিচেম্বৰ ২০২১ৰ অংকত ১ কম হৈছে। মহাৰ্ঘ ভাত্তাৰ ১২ মাহৰ সূচকৰ গড় ৩৫১.৩৩ হৈছে অৰ্থাৎ ডিএ ৩৪.০৪ শতাংশ। মহাৰ্ঘ ভাত্তা সদায় পূৰ্ণ অংকত দিয়া হয়। অৰ্থাৎ জানুৱাৰী ২০২২ৰ পৰা ৩৪ শতাংশকৈ ডিএ পোৱাটো প্ৰায় নিশ্চিত। বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে ৩১ শতাংশ মহাৰ্ঘ ভাত্তা বা ডিএ লাভ কৰে। জানুৱাৰী ২০২২ৰ পৰা আৰু ৩ শতাংশ ডিএৰ সুবিধা পাব মোদী চৰকাৰৰ কৰ্মচাৰীসকলে। সপ্তম দৰমহা আয়োগৰ প্ৰস্তাৱ অনুসৰি বেছিক ছেলাৰীৰ ওপৰত নিৰ্ধাৰিত হয় ডিএ। আশা কৰা হৈছে মাৰ্চৰ শেষপৰ্যন্ত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএক লৈ ডাঙৰ ঘোষণা কৰিব পাৰে মোদী চৰকাৰে। অৰ্থাৎ নতুন বিত্তীয় বৰ্ষৰ পূৰ্বেই এই ঘোষণা কৰিব পাৰে। ন্যূনতম বেছিক ছেলাৰীৰ ওপৰত ডিএৰ গণনা, যিসকলৰ বেছিক ছেলাৰী ১৮০০০ টকা, নতুন ডিএ ৩৪ শতাংশ, ৬,১২০ টকা প্ৰতিমাহে, বৰ্তমান মহাৰ্ঘ ভাত্তা ৩১ শতাংশ, ৫,৫৮০ টকা প্ৰতিমাহে। অৰ্থাৎ প্ৰতিমাহত বাঢ়িব ৫৪০ টকাকৈ। বছৰি ৬,৪৮০ টকা। যিসকলৰ বেছিক ছেলাৰী ৫৬,৯০০ টকা, নতুন ডিএ ৩৪ শতাংশ, ১৯,৩৪৬ টকা প্ৰতিমাহত, বৰ্তমান ডিএ ৩১ শতাংশ, ১৭,৬৩৯ টকা প্ৰতি মাহত, মুঠ মহাৰ্ঘ ভাত্তা বৃদ্ধি ১৭০৭ টকা প্ৰতিমাহে, বাৰ্ষিক বৃদ্ধি ২০,৪৮৪ টকা।