জুলাই ২০২২ত পুনৰ ডিএ বৃদ্ধি কৰা হ’ব পাৰে বুলি ওলাইছে খবৰ।
3/ 9
জানুৱাৰী আৰু ফেব্ৰুৱাৰীত AICP Index কম হোৱাৰ পিছত মাৰ্চত বিৰাট বৃদ্ধি দেখা গৈছে।
4/ 9
এই তথ্য পোহৰলৈ অহাৰ পিছতে ধৰি লোৱা হৈছে যে পুনৰ কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ আহিব পাৰে।
5/ 9
সূত্ৰ অনুসৰি, জানুৱাৰী ২০২২ত AICPI Indexৰ গড় ১২৫.১ পইণ্ট আছিল। ফেব্ৰুৱাৰীত সেয়া পৰি হয় ১২৫। এই তথ্যৰ ভিত্তিত ধাৰণা কৰা হৈছিল যে মাৰ্চতো পইণ্টৰ পতন হ’ব।
6/ 9
কিন্তু দেখা গৈছে যে পইণ্ট বাঢ়ি ১২৬ হৈছে। মাৰ্চত ডিএ বৃদ্ধিৰ সূচক দেখাৰ পিছত বিশেষজ্ঞসকলে ধাৰণা কৰিছে যে জুলাই ২০২২ত কেন্দ্ৰীয় কৰ্মচাৰীৰ ডিএ ৩ শতাংশ বৃদ্ধি পাব।
7/ 9
কিন্তু শেষ সিদ্ধান্ত হ’ব এপ্ৰিল, মে’ আৰু জুনৰ তথ্য পোহৰলৈ আহিলে। কিন্তু আসন্ন মাহসমূহত যদি ডিএ বৃদ্ধিৰ সূচক এনেদৰেই থাকে তেন্তে ৪ শতাংশ পৰ্যন্ত ডিএ বাঢ়িব পাৰে বুলি ধাৰণা কৰা হৈছে।
8/ 9
সপ্তম বেতন কমিচনৰ পৰামৰ্শ মতে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ ডিএ বছৰত দুবাৰ বৃদ্ধি পায়। প্ৰথম জানুৱাৰী আৰু পিছত জুলাইত বৃদ্ধি পায়। ইতিমধ্যে জানুৱাৰী ২০২২ৰ ডিএ মাৰ্চত ৩ শতাংশ বৃদ্ধি পাইছে।
9/ 9
ইয়াৰ লগতে ৩ শতাংশ তিনি মাহৰ বকেয়া টকা দিয়া হয়। জুলাই ২০২২ত মহাৰ্ঘ ভাট্টা বৃদ্ধি প্ৰাপ্ত হ’ব।