কেন্দ্ৰীয় চৰকাৰৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ বাবে ভাল খবৰ। নৱেম্বৰ মাহৰ পৰাই বাঢ়িব পেন্সনৰ টকা। ইমানেই নহয়, লাভ কৰিব ৪ মাহৰ এৰিয়াৰো। ইয়াৰ ফলত পেন্সনভোগী সকলো মানুহেই সামান্য পৰিমাণেও উপকৃত হ'ব। অক্টোবৰ ২০২১-ত নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে দীপাৱলীৰ বোনাছ ঘোষণা কৰিছিল। ইয়াৰ লগতে ডিএ, ডিআৰৰ ঘোষণা কৰিছিল যি ১ জুলাই ২০২১ৰ পৰা কাৰ্যকৰী কৰা হৈছে। নৱেম্বৰত অৱসৰপ্ৰাপ্ত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ জুলাই, আগষ্ট, ছেপ্তেম্বৰ আৰু অক্টোবৰ মাহৰ এৰিয়াৰ একেলগে লাভ কৰিব। বিশেষকৈ ডিআৰ বেচিক চেলাৰীৰ উপৰিও নিৰ্ধাৰিত কৰি গণনা কৰা হৈ থাকে। কোনো অৱসৰপ্ৰাপ্ত কৰ্মীৰ পেন্সন ২০,০০০ টকা হ'লে তেওঁৰ বেতন বাঢ়িব ৬০০ টকা। বৃদ্ধিপ্ৰাপ্ত ৩ শতাংশ ডিআৰৰ নিৰিখেই হিচাপ হ'ব। 7th Pay Matrix-ৰ হিচাপত যদি চোৱা হয় , তেন্তে দেখিবলৈ পোৱা যায়, কৰ্মচাৰীৰ বেতন যথেষ্ট বৃদ্ধি হ'ব। যাৰ বেচিক চেলাৰী ৩১,৫৫০ টকা, ২৮ শতাংশ ডিএৰ হিচাপত ৮,৮৩১ টকা বৃদ্ধি হৈছে। ৩ শতাংশ ডিএ বৃদ্ধি কৰিছিল কেন্দ্ৰীয় চৰকাৰে। এইবাৰৰ পৰা প্ৰতি ডিআৰ লাভ কৰিব ৯,৭৮১ টকা। অর্থাৎ প্ৰতিমাহে ডিএ বাঢ়িছে ৯৪৭ টকা। বছৰত ১১,৩৬৪ টকা বৃদ্ধি হ'ব। নৱেম্বৰৰত বেতন চাৰি মাহৰ এৰিয়াৰসহ সোমাব অৱসৰপ্ৰাপ্ত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীসকলৰ একাউণ্টত। সকলো মিলাই ডিআৰ ৪,৩৭৫ টকা বেছিকৈ লাভ কৰিব। বিগত ১৮ মাহৰ এৰিয়াৰলৈ ডিচেম্বৰত বেঠক হ'ব।