কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীৰ (Employees of Modi Government) বাবে ডাঙৰ খবৰ। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ সংক্ৰান্তীয় গুৰুত্বপূৰ্ণ খবৰ। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ (Dearness Allowance) আৰু ডিআৰ (Dearness Relief) ৰ হাৰ বৃদ্ধিৰ বিষয়ত ডাঙৰ মন্তব্য কেন্দ্ৰীয় মন্ত্ৰীৰ। ৰাজ্যসভাত এক প্ৰশ্নৰ উত্তৰত বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰীয়ে জনায়, ডিএ ৩ শতাংশৰ বেছি বৃদ্ধিৰ প্ৰয়োজন নাই। ডি এ বৃদ্ধিক লৈ বহুদিনৰ পৰা কৰ্মচাৰীসকলে বিশেষভাৱে আগ্ৰহী আছিল, কিন্তু চৰকাৰৰ এই উত্তৰত হতাশ হৈ পৰিছে। পংকজ চৌধুৰীয়ে আৰু জনায় যে ডিএ–ডিআৰক লৈ কেন্দ্ৰীয় শ্ৰম মন্ত্ৰণালয়ৰ মতে ক্ৰমবৰ্ধমান সামগ্ৰীৰ দাম বৃদ্ধি অনুসৰি DA-DR বৃদ্ধি কৰা হ’ব। কেন্দ্ৰীয় চৰকাৰে সংসদত জনায়, বিগত দুটা ত্ৰিমাসিকত মহাৰ্ঘ দৰ ৫ শতাংশৰ বেছি হ’ব। ৰাজ্যসভাৰ সাংসদ নাৰণ ভাই জে ৰাঠবাই মঙলবাৰে সংসদত প্ৰশ্ন কৰে যে দিনক দিনে সকলো সামগ্ৰীৰ দাম বাঢ়িছে কিন্তু কৰ্মচাৰীসকলৰ ডি এ সেই ৩ শতাংশ হাৰত বঢ়া নাই। ইয়াৰ উত্তৰত পংকজ চৌধুৰীয়ে জনাইছে যে বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধিৰ হাৰ সংশোধন কৰাৰ কোনো প্ৰয়োজন নাই। বৰ্তমান কেন্দ্ৰীচ চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ হোলীৰ পূৰ্বে ৩ শতাংশ বৃদ্ধি কৰা হ’লে সেয়া ৩১ৰ পৰা ৩৪ শতাংশ হ’বগৈ। চৰকাৰৰ এই সিদ্ধান্তত ৫০ লাখৰো বেছি কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী আৰু ৬৫ লাখৰো বেছি পেঞ্চনভোগী উপকৃত হ’ব। মূলতঃ সপ্তম দৰমহা আয়োগৰ পৰামৰ্শমৰ্মে এই ডিএ বৃদ্ধিৰ বিষয়টো কেন্দ্ৰৰৰ বিবেচনাধীন। সমগ্ৰ দেশৰ লাখ লাখ কেন্দ্ৰীয় কৰ্মচাৰীয়ে ডিএ বৃদ্ধিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে।