নতুন বছৰত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ! জানুৱাৰী ২০২২ত আকৌ বাঢ়িব ডিএ। ইয়াৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা পুনৰ বাঢ়িব। প্ৰায় ৩ শতাংশ বাঢ়িব দৰমহা। ডিচেম্বৰ ২০২১ শেষ হোৱাৰ কিছু আগতে একাংশ কৰ্মাচাৰীৰ পদোন্নতিও হ'ব। লগতে বাজেট ২০২২ৰ পূৰ্বে কৰ্মচাৰীৰ ফিটনেচ ফেক্টৰকলৈও ডাঙৰ সিদ্ধান্ত ল'ব পাৰে চৰকাৰে। সেইদৰে কৰ্মতাৰীৰ বেচিক চেলাৰীও বঢ়াৰ আশা কৰা হৈছে। বিশেষজ্ঞৰ মতে, জানুৱাৰী ২০২২ৰ পৰা ডিএ বাঢ়িব পাৰে। অন্তত ৩ শতাংশ ডিএ বাঢ়িব বুলি অনুমান কৰা হৈছে।