পোষ্ট অফিচৰ এক আঁচনিত ১৫০ টকাকৈ জমা কৰিলে ২০ লাখ টকাৰ অধিক লাভ কৰিব গ্ৰাহকে। (প্ৰতীকী ফটো) পোষ্ট অফিচৰ পাব্লিক প্ৰভিডেণ্ট ফাণ্ড বা পিপিএফ। প্ৰতিদিনৰ খৰচৰ পৰা যদি অলপ অলপকৈ সঞ্চয় কৰা যায়, ১০০–১৫০ টকা সঞ্চয় কৰিলে মোটা অংকৰ সঞ্চয় কৰাটো সম্ভৱপৰ হয়। (প্ৰতীকী ফটো। চৰকাৰী ক্ষুদ্ৰ সঞ্চয় আঁচনিত এই টকা বিনিয়োগ কৰিলে আপুনি পাব পাৰে বৃহৎ লাভ। (প্ৰতীকী ফটো) যদি বয়স ২৫ বছৰ হয়, সৰু সৰু আঁচনিত বিনিয়োগ কৰি ডাঙৰ লাভ পোৱাৰ সম্ভাৱনা আছে। (প্ৰতীকী ফটো) আন সঞ্চয়ৰ সৈতে আৰম্ভণিৰ ফালে প্ৰতিদিনে ১০০ টকাৰ পৰা ১৫০ টকা সঞ্চয় কৰক। এই সঞ্চয় ৪০ বছৰ বয়সত অতিৰিক্ত ২০ লাখ টকা প্ৰদান কৰিব। (প্ৰতীকী ফটো) চাকৰি কৰি কৰিয়ে ডাঙৰ প্ৰয়োজন অতি সহজতে দূৰ কৰিব পাৰে। প্ৰতিদিনে ১৫০ টকাকৈ সঞ্চয় কৰিলে সেয়া মাহত হ’বগৈ ৪,৫০০ টকা। প্ৰতিমাহে ৪,৫০০ টকাকৈ সঞ্চয় কৰিলে বছৰত ৫৪ হাজাৰ টকা সঞ্চয়ৰ সুযোগ আছে। (প্ৰতীকী ফটো) ২০ বছৰত মুঠ ব্যয় হ’ব ১০.৮০ লাখ টকা, ৭.১ শতাংশ হাৰত সুদ হিচাপ কৰিলে ২০ বছৰত প্ৰায় ২০ লাখ টকা অতিৰিক্ত পাব। (প্ৰতীকী ফটো) ১০০ টকাত একাউণ্ট খুলিব পাৰিব, এয়া জইণ্ট একাউণ্টো খুলিব পাৰে। একাউণ্টত খোলাৰ সময়তে নমিনিৰ নাম নথিভুক্ত কৰা হ’ব। মুঠ ম্যাদ ১৫ বছৰৰ, তাৰ পিছত ৫ বছৰকৈ ইচ্ছা কৰিলে ২বাৰ ম্যাদ বৃদ্ধি কৰিব পাৰে। (প্ৰতীকী ফটো) ৭.১ শতাংশ হাৰত সুদ পোৱা যায় এই আঁচনিত। বছৰত সৰ্বাধিক ১.৫ লাখ টকা আৰু সৰ্বনিম্ন ৫০০ টকা জমা কৰিব পাৰে। (প্ৰতীকী ফটো)