ফেব্ৰুৱাৰী মাহত সাধাৰণ লোকৰ জীৱনত গভীৰ প্ৰভাৱ পৰিব। বহু ক্ষেত্ৰত নীতি-নিয়ম সাল-সলনি হোৱাৰ সম্ভাৱনা আছে। ইয়াৰে ভিতৰত আছে এল পি জি চিলিণ্ডাৰৰ দাম, পি এন বি ATM Cash Withdrawal, বাধ্যতামূলক ফাষ্ট টেগ ইত্যাদি। ২০২১ৰ বাজেট দাখিল কৰা হ'ব- অহা ১ ফেব্ৰুৱাৰীত সংসদত দাখিল কৰা হ'ব ২০২১ৰ বিত্তীয় বাজেট। বাজেটত এইবাৰ বহু গুৰুত্বপূৰ্ণ ঘোষণা কৰাৰ সম্ভাৱনা আছে। যাৰ প্ৰভাৱ সৰ্বসাধাৰণৰ ওপৰত পৰিব পাৰে। LPG Cylinder Price- ফেব্ৰুৱাৰী মাহৰ পৰাই এল পি জি চিলিণ্ডাৰৰ দাম নিৰ্ধাৰণৰ ক্ষেত্ৰত নতুন সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। জানিব পৰা মতে, ফেব্ৰুৱাৰী মাহৰ পৰাই প্ৰতি মাহে সলনি হৈ থাকিব এল পি জি চিলিণ্ডাৰৰ দাম। পাঞ্জাৱ নেচনেল বেংকৰ এ টি এমৰ পৰা টকা উলিওৱা নিয়ম- অহা ১ ফেব্ৰুৱাৰীৰ পৰা পাঞ্জাৱ নেচনেল বেংকৰ এ টি এমৰ পৰা টকা উলিওৱাৰ নতুন নিয়ম প্ৰযোজ্য হ'ব। Non-EMV ATMৰ পৰা টকা উলিয়াব নোৱাৰিব। বাধ্যতামূলৰক হব ফাষ্টটেগ- অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা সকলো বাহনত ফাষ্ট টেগ লগোৱাতো বাধ্যতামূলক হ'ব। অন্যথা সন্মুখীন হ'ব লাগিব জৰিমনাৰ।