১)SBI-নতুন বিত্তীয় বৰ্ষ ২০১৯–২০ৰ প্ৰথম মাহৰ সমাপ্তি। মে’ মাহৰ পৰা এছবিআইয়ে এক ডাঙৰ নিয়ম বলৱৎ কৰিবলৈ গৈ আছে। এই অনুসৰি ১মে’ৰ পৰা ডিপ’জিট আৰু ঋণৰ হাৰ RBIৰ বেন্সমাৰ্কৰ সৈতে এক কৰি দিয়া হ’ব। ইয়াৰ অৰ্থ আৰবিআইৰ ৰেপ’ ৰেটৰ পৰিৱৰ্তন হ’লে জমা আৰু ঋণৰ হাৰতো পৰিৱৰ্তন সংঘটিত হ’ব এই নিয়ম বলৱৎ হ’লে গ্ৰাহকে পূৰ্বৰ তুলনাত ছেভিংছ একাউণ্টত কম সুত পাব। অৱশ্যে এই নিয়ম ১লাখ টকাৰ অধিক ধন জমা ৰখাৰ ক্ষেত্ৰতহে বলৱৎ হ’ব।
২)PNB- পঞ্জাৱ নেচনেল বেংকে নিজৰ ডিজিটেল ৱালেট পিএনবি কিটি ১মে’ৰ পৰা বন্ধ কৰিব। পঞ্জাৱ নেচনেল বেংকে নিজৰ গ্ৰাহকসকলক কৈছে যে তেওঁলোকে পিএনবি কিটিত ৰখা ধন ৩০এপ্ৰিললৈকে খৰচ কৰক অথবা IMPSৰ দ্বাৰা নিজৰ বেংক একাউণ্টলৈ ট্ৰান্সফাৰ কৰি লওক। ১মে’ৰ পৰা আপুনি পিএনবি কিটীৰ সলনি অন্য বিকল্প বা ৱালেটৰ ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ ওপৰিউ ৱালেটত থকা ধন যদি সময়মতে উলিয়াই নলয় তেনেহ’লে আপোনাৰ কাৰণে দিগদাৰী হ’ব।
৩)ৰে’লৱে–ৰে’লৱেত যাত্ৰা কৰা যাত্ৰীসকলে ১মে’ৰ পৰা নতুন সুবিধা লাভ কৰিব। ট্ৰেনৰ চাৰ্ট তৈয়াৰ হোৱাৰ চাৰি ঘণ্টা পূৰ্বলৈকে আপুনি নিজৰ বৰ্ডিং ষ্টেশ্যন সলনি কৰিব পাৰিব।এতিয়া মাত্ৰ চাৰি ঘণ্টা পূৰ্বলৈকে এই সুবিধা আছে। ইয়াৰ অৰ্থ এয়েই যে ট্ৰেলত যাত্ৰাৰ সময়ত টিকট বুক কৰোতে আপুনি যিটো বৰ্ডিং ষ্টেশ্যন নিৰ্বাচন কৰিছে, ইয়াক পৰৱৰ্তী সময়ত সলনি কৰাটো সহজ হৈ পৰিব।অৱশ্যে ইয়াৰ কাৰণে এটা চৰ্তও আছে, চৰ্ত এয়েই যাত্ৰাৰ সময়ত বৰ্ডিং ষ্টেশ্যনত সালসলনিৰ সময়ত টিকট বাতিল কৰোতে টকা উভতাই দিয়া নহয়।
৫)ৰন্ধন গেছৰ মূল্য–প্ৰত্যেক মাহৰ দৰে ১মে’ৰ পৰা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নতুন দাম জাৰী হ’ব। ১এপ্ৰিলত ৰন্ধন গেছৰ মূল্য বৃদ্ধি হৈছিল। তেল বিপণন কোম্পানীসমূহে ৰাজসাহাৰ্যবিহীন গেছ চিলিণ্ডাৰৰ মূল্য ৫টকাকৈ বৃদ্ধি কৰিছিল। ৰাজসাহাৰ্যযুক্ত চিলিণ্ডাৰৰ মূল্যও ২৫পইচা বৃদ্ধি পাইছিল। এপ্ৰিলত দিল্লীত ইণ্ডেনৰ ১৪.২কিলোগ্ৰামৰ বিনা ৰাজসাহাৰ্যযুক্ত চিলিণ্ডাৰৰ মূল্য ৭০৬.৫০টকা হৈছিল আনহাতে মাৰ্চত ইয়াৰ মূল্য আছিল ৭০১.৫০টকা।