মেষ (Aries ): মাৰ্চ 21-এপ্ৰিল 19 : দুখ আৰু একঘেয়ামীৰ বাবে আপুনি আপোনাৰ পুৰণি আবেগলৈ ঘূৰি যাব পাৰে। ধন সম্পৰ্কীয় বিষয়বোৰো এসপ্তাহৰ ভিতৰত আগবাঢ়িবলৈ আৰম্ভ কৰিব। পোহনীয়া জন্তুৱে মানসিক সন্তুষ্টি দিব। নতুন বন্ধন আৰু নতুন সম্পৰ্ক গঢ়ি তোলাৰ সলনি পৰিচিত লোকৰ সৈতে জড়িত হৈ ভাল অনুভৱ কৰিব। লাকী ছাইন- এখন খোলা গেট
মিথুন (Gemini ) : মে 21- জুন 21: ঘৰটো পুনৰ নিৰ্মাণৰ চিন্তাই মনত স্থান পাব পাৰে। উপাৰ্জনৰ এটা নতুন উৎস অহাৰ সম্ভাৱনা আছে। ই ভাল পৰিমাণৰ সময় আৰু প্ৰতিশ্ৰুতি বিচাৰিব। বিকল্পবোৰ অন্বেষণ কৰিবলৈ আত্মবিশ্বাস থাকিব। ব্যৱসায়ী, ৰিয়েল ইষ্টেটৰ পেছাদাৰী আৰু ক্ষুদ্ৰ ব্যৱসায়ৰ মালিকসকলৰ বাবে এইটো এটা ভাল সময়। লাকী ছাইন- এটা বুদ্ধমূৰ্তি
সিংহ (Leo): জুলাই 23- আগষ্ট 22 : এটা নতুন প্ৰতিশ্ৰুতি, এটা নতুন যাত্ৰা আৰম্ভৰ সম্ভাৱনা। বিপদাশংকাৰ লগতে আক্ৰমণাত্মক দৃষ্টিভংগীয়ে আপোনাক উন্নতি কৰাত সহায় কৰিব পাৰে। চুম্বকীয় ব্যক্তিত্বই মানুহক আকৰ্ষিত কৰিব আৰু তেওঁলোকক আপোনাৰ মতামত আৰু চিন্তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ বাধ্য কৰিব। ঘৰুৱা দিশত কিছু সৰুসুৰা বিভ্ৰান্তি হ'ব পাৰে। লাকী ছাইন- মিঠাইৰ বাকচ এটা
ধনু (Sagittarius ): নৱেম্বৰ 22 – ডিচেম্বৰ 21 : যদি আপুনি বন্ধুবৰ্গৰ সৈতে বজাৰ আৰু ভাল সময় কটোৱাৰ পৰিকল্পনা কৰি আছে তেন্তে ভাগ্য আপোনাৰ পক্ষত আছে। বাগিচা কৰাটো এটা ভাল চখ হ'ব পাৰে আৰু ব্যৱসায়িক ধাৰণাও সৃষ্টি কৰাৰ সম্ভাৱনা আছে। উন্নতিৰ বাবে কামৰ প্ৰণালী সলনি কৰিব লাগিব পাৰে। অৱসৰ বিনোদনৰ আশা আছে। লাকী ছাইন- গুলপীয়া ফুল
মীন (Pisces ): ফেব্ৰুৱাৰী 19 – মাৰ্চ 20: কামৰ ক্ষেত্ৰত হতাশাজনক হ'ব পাৰে। ব্যক্তিগত আৰু পেছাদাৰী দুয়োটা স্তৰত কাম কৰিবলৈ আগ্ৰহ থাকিব। পুৰণিৰ সৈতে পুনৰ সংযোগ স্থাপন হ'ব। একাকিত্ব নাথাকিব। যিকোনো অনলাইন প্ৰৱঞ্চনাৰ পৰা সাৱধান হ'ব। পিতৃ-মাতৃৰ ওচৰত সমস্যাৰ সমাধান থাকিব। শিক্ষক আৰু শিক্ষাৰ্থীৰ বাবে এটা ব্যস্ত সপ্তাহ। লাকী ছাইন- প্লেট
পূজা চন্দ্ৰাৰ বিষয়ে কিছু তথ্য: পূজা চন্দ্ৰা পেছাত এগৰাকী হলিষ্টিক হিলিং প্ৰেক্টিচনাৰ। পূজা চন্দ্ৰা ৰেইকী গ্ৰেণ্ডমাষ্টাৰ আৰু অন্যান্য হিলিং চাৰ্টিফাইড পদ্ধতিৰ ওপৰতো গৱেষণা কৰিছে। টেৰোট কাৰ্ড পঢ়াৰ উপৰি, থেটা, বুদ্ধিষ্ট, চক্ৰ আৰু পেট হিলিং চিকিৎসাৰ দৰে একাধিক বিষয়ত দক্ষ পূজা চন্দ্ৰা হিলিং আৰু ইয়াৰ বৈকল্পিক চিকিৎসাত সিদ্ধহস্ত। যোৱা ত্ৰিশ বছৰৰ অভিজ্ঞতা আৰু অনুশীলনত হিলিং চিকিৎসাৰ সৈতে জড়িত আৰু পূজাই এক অসাধাৰণ কৌশল বা উপায় আৱিষ্কাৰ কৰিছে। পূজাই দীৰ্ঘ জীৱনৰ যত্নত এজন সহানুভূতিশীল কিশোৰৰ পৰা এগৰাকী উন্নত মানৰ হিলিং থেৰাপিষ্টলৈ নিজকে বিকশিত কৰিছে। পূজাই মুখ্যতঃ বিভিন্ন ধৰণৰ মানসিক বা শাৰীৰিক উদ্বেগৰ সমস্যাত ভুগি থকা লোকসকলৰ সৈতে কাম কৰে। পূজাই নিজৰ দীঘলীয়া কেৰিয়াৰৰ অভিজ্ঞতাৰ ভিত্তিত তেওঁলোকৰ মানসিক প্ৰণালী আৰু সমস্যাৰ স্থানবোৰ সহজে বুজিব পাৰে। এগৰাকী অভিজ্ঞ হিলিং থেৰাপিষ্ট হিচাপে পূজাই ব্যক্তিগতভাৱে আৰু পৃথিৱীৰ যিকোনো স্থানত থকা লোকসকলক কাৰ্যকৰী আৰোগ্য বিধান প্ৰদান কৰে। পূজাৰ সৈতে যোগাযোগ কৰিবলৈ আগ্ৰহী সকলে তেওঁৰ ৱেবছাইটত www.citaaraa.com থেৰাপীৰ বিষয়ে সকলো তথ্য লাভ কৰিব। ৱেবছাইটত থেৰাপীৰ বৰ্ণনা কৰাৰ উপৰি হিলিং থেৰাপীৰ যোগে আৰোগ্য হোৱা লোকসকলে তেওঁলোকৰ অভিজ্ঞতাও বৰ্ণনা কৰে। কিন্তু কেৱল হিলিং থেৰাপিষ্টেই নহয় পূজা চন্দ্ৰা এগৰাকী দক্ষ লেখিকা, কবি আৰু এগৰাকী ব্লগাৰ। তেওঁ মুখ্যতঃ তেওঁৰ প্ৰৱন্ধ আৰু ব্লগৰ জৰিয়তে তেওঁৰ দীঘলীয়া কেৰিয়াৰৰ অভিজ্ঞতা ভাগ বতৰা কৰিবলৈ ভাল পায় যিয়ে আমাক জীৱনৰ বিষয়ে কিবা নতুন শিকায়।