১ ছেপ্তেম্বৰৰ পৰা সাধাৰণ মানুহৰ জীৱনৰ কিছু দিশ সালসলনি হৈছে। যি যি সলনি হৈছে তাৰ মাজত আছে, LPG, Home Loan, EMI, Airlines-সহ একাধিক বিষয়৷ ইয়াৰ প্ৰভাৱ পোনে পোনে পৰিব মধ্যবিত্তৰ ওপৰত। একেসময়তে দেশৰ আন প্ৰান্তত জাৰি হৈছে Unlock 4ৰ নিৰ্দেশাৱলী। LPG ছিলিণ্ডাৰৰ মূল্য সলনি– কোৰোণাৰ কাৰণে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হৈ মধ্যবিত্তৰ অৱস্থা তথৈবচ কিন্তু ইয়াৰ মাজতে কিছু স্বস্তিৰ খবৰ। প্ৰত্যেক মাহৰ প্ৰথম দিনটোত গেছ ছিলিণ্ডাৰৰ মূল্য সলনি কৰা হয়। ছেপ্তেম্বৰত LPG, CNG তথা PNG ৰ দাম কমাৰ পূৰ্ব ইংগিত প্ৰকাশ। মহঙা হ’ব বিমানযাত্রা- প্ৰথম ছেপ্তেম্বৰৰ পৰা বাঢিছে বিমানভাৰা। Civil Aviation Ministry–এ ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় বিমানৰ ASF চার্জ বৃদ্ধি কৰিবলৈ লৈছে। আজিৰে পৰা এএছএফ ১৫০ টকাৰ সলনি হ’ব ১৬০ টকা৷ আন্তঃৰাষ্ট্ৰীয় বিমানৰ ক্ষেত্ৰত ৪.৮৫ ডলাৰৰ পৰিৱৰ্তে ৫.২ ডলাৰ লোৱা হ’ব। পৰিসেৱা আৰম্ভ কৰিব Indigo–ই- আজিৰে পৰা বিমান সেৱা ঢাপে ঢাপে আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে ইণ্ডিগ’ই। আৰম্ভ হ’ব প্ৰয়াগৰাজ, কলকাতা, চুৰাটৰ বিমান সেৱা। ভূপাল-লক্ষ্নৌ ৰুটত কোম্পানীৰ ১৮০ খন আসনৰ এয়াৰ বাছ ৩২০ চলাব ইণ্ডিগই। সদ্যহতে সপ্তাহৰ তিনিদিন সোমবাৰ, বুধবাৰ তথা শুকুৰবাৰে চলিব এই বিমান। File Photo EMI-ৰ সময়সীমা পৰিৱৰ্তন- কোৰোণা সংকটৰ কালত গ্ৰাহকসকলে যি লোন লৈছিল তাৰ ইএমআই দিয়াৰ সময়সীমা ৩১আগষ্টত অন্ত পৰিছে। ষ্টেট বেংক তথা পাঞ্জাৱ নেচনেল বেংকে এই সপ্তাহত এই সন্দৰ্ভত ঘোষণা কৰিব পাৰে। বেংকিং ছেক্টৰে এই সময়সীমা আৰু বঢ়াব নে নাই সেয়া পৰিষ্কাৰ হোৱা নাই। ধর্মঘট কৰিব পাৰে Ola-Uber চালকসকলে ৷ দিল্লী-এনচিআৰ ছেক্টৰত এক ছেপ্তেম্বৰত অ’লা–উবেৰ চালকসকলে ধৰ্মঘট কৰিব পাৰে। ভাড়া বৃদ্ধিৰ লগতে একাধিক দাবী লৈ ক্ষুব্ধ হৈ আছে চালকসকল। কমেও ২লাখ কেব চালকে এই ধর্মঘটত অংশগ্ৰহণ কৰিব পাৰে। ছেপ্টেম্বৰ মাহৰ পৰা জিএছটি আদায়ত পলম হ’লে ১৮শতাংশ সুত ভৰিব লাগিব।