অবিশ্বাস্য যেন লাগিলেও কিন্তু কলকাতা (Kolkata) চহৰত এতিয়াও এনে বহু পাইচ হোটেল (Pice Hotel) আছে য'ত খাদ্য অতি সস্তা। ইয়াত ভাত আপুনি এতিয়াও ৩ টকাত খাব পাৰে। কেৱল এখন বা দুখনত নহয় কলকাতাত সিঁচৰতি হৈ আছে এনে বহু হোটেল। পাইচ হোটেল এটা নাম নহয় কিন্তু ই সস্তা হোৱাৰ বাবে, ইয়াক পাইচ হোটেল বুলি কোৱা হয়। এই হোটেলবোৰ কিছুমান ১০০ বছৰতকৈ অধিক আৰু কিছুমান ৬০-৭০ বছৰ পুৰণি।
এই হোটেলবোৰক ভাতৰ হোটেল বা ৰাইচ হোটেল বুলিও জনা যায়। কিছুমান লোকে এইবোৰ হোটেলক হিন্দু হোটেল বুলিও কয়। যদি আপুনি কলকাতালৈ গৈছে পাইচ হোটেললৈ যাবলৈ নাপাহৰিব য'ত আপুনি কলকাতাৰ পৰম্পৰাগত খাদ্যৰ সোৱাদ পাব আৰু সেয়াও অতি সস্তাত। এইটোও সঁচা যে ইয়াৰে কিছুমান হোটেলত খাদ্য ৩ টকাত আৰু কিছুমানত অলপ বেছি দামত উপলব্ধ, কিন্তু এতিয়াও দেশৰ আন চহৰবোৰতকৈ যথেষ্ট সস্তা আৰু ভাল।
এই সকলোবোৰ হোটেলত ৩ টকীয়া ভাতৰ উপৰি আৰু বিভিন্ন সুস্বাদু খাদ্যও পোৱা যায় যিবোৰৰ দাম বেলেগ বেলেগ। কিন্তু বহু পাইচ হোটেল আছে য'ত ৩ টকাৰ পৰা ২৫ টকালৈ পেট ভৰাই খাব পাৰি। এই হোটেলবোৰত দুপৰীয়াৰ আহাৰ আৰু ৰাতিৰ আহাৰত ভিৰ হয়। কিছুমান পাইচ হোটেল এতিয়াও পুৰণি ষ্টাইলত চলি আছে, য'ত মাটিত কঠ পাৰি দি কলৰ পাত আৰু মাটিৰ মলাত ভাত পৰিৱেশন কৰা হয়। আনহাতে কিছুমান পাইচ হোটেলত চকী-মেজৰ আমদানী ঘটিছে।
ভেজ থালী যথেষ্ট সস্তা হয় আৰু নন ভেজ থালী কিছু ব্যয়বহুল। এই সকলোবোৰ পৰম্পৰাগত বাংলা ব্যঞ্জন, যিবোৰত সৰিয়হৰ তেল আৰু ৰাইৰ ভৰপুৰ ব্যৱহাৰ হয়। কোৱা হয় যে আপুনি কেতিয়াও কলকাতা চহৰত ভোকত থাকিব নালাগে। আপোনাৰ লগত বেছি টকা নাথাকিলেও আপুনি পাইচ হোটেলত ভাল আৰু পেট ভৰাই খাব পাৰে। দুখৰ কথা যোৱা কেইবছৰমানত বহুতো পইচা হোটেল বন্ধ হৈ গৈছে, তথাপি বহুতো হোটেল চলি আছে।
আপোনাৰ মনত পপ্ৰশ্ন হ'ব পাৰে যে এই হোটেলবোৰক পাইচ হোটেল কিয় কোৱা হয়। নামটো ভাৰতীয় মুদ্ৰাৰ আটাইতকৈ সৰু এক পইচাৰ পৰা আহৰণ কৰা হৈছে। এই পইচা হোটেলবোৰ ব্ৰিটিছ যুগত আৰম্ভ হৈছিল। কলকাতা তেতিয়া দেশৰ ৰাজধানী আছিল। ব্ৰিটিছ ৰাজত টকাক পইচা বুলি কোৱা হৈছিল আৰু ইয়াৰ মূল্য ০১ চতুৰ্থাংশ বা ০১ ৰ সমান আছিল।
পাইচ হোটেলত দীৰ্ঘদিন ধৰি পৰম্পৰাগত খাদ্য দি অহা হৈছে। মেনুখনৰ বিশেষ পৰিৱৰ্তন হোৱা নাই। ইয়াত মাছ ভজা (Fried Fish), মাছৰ জোল (Fish Curry), ৰঙালাওৰ ফুল ভজা (Fried Pumpkin Flower), আলুৰ পোষ্টো আৰু ভাত (Rice) দিয়া হয়। ইয়াত খাদ্য পৰিৱেশনৰ কলাও অলপ বেলেগ।
পাইচ হোটেলত কলপাত, মাটিৰ মলা আৰু বাটিত খাদ্য পৰিৱেশন কৰে। যিসকল গ্ৰাহকে খায় তেওঁলোকে মাটিত পাৰি দিয়া মেট বা কঠত শাৰী পাতি বহিব লাগে। ইয়াত কোনো মেনু কাৰ্ড নাই। যদি মেনু সলনি হয় তেন্তে ব্লেকবোৰ্ডত লিখি দিয়া হয়। ইয়াত প্ৰতিটো বেলেগ বেলেগ বস্তুৰ মূল্য বেলেগ বেলেগ। যাতে খাদ্যৰ অপচয় হ্ৰাস হয় আৰু মানুহৰ ওপৰত মূল্যৰ বোজাও হ্ৰাস হয়। যদিও গ্ৰাহকসকলে কলপাত আৰু নেমুৰ বাবেও দাম ভৰিব লাগিব, সেয়া একেবাৰে নগণ্য।