পশ্চিমবংগত জন্মগ্ৰহণ কৰা অভিনেত্ৰী তথা সাংসদ নুছৰত জাহানে মডেলিঙৰ পৰাই কেৰিয়াৰ আৰম্ভ কৰিছিল ৷ ফেয়াৰ ৱান মিছ কলকাতা (Miss Kolkata)হিচাপেও নিৰ্বাচিত হৈছিল ৷ ২০১১ চনত 'শত্ৰু' ছবিৰ জৰিয়তে টলিউডত আত্মপ্ৰকাশ কৰিছিল নুছৰতে । সম্প্ৰতি নিজৰ বিবাহ বিচ্ছেদক চৰ্চাত থকা নুছৰত বিয়াৰ পূৰ্বেও ভিন্ন বিতৰ্কত সোমাই পৰিছিল । photo- nusratchirps/Instagram
তথ্য অনুসৰি, ২০১২ চনত এগৰাকী এংলো-ইণ্ডিয়ান মহিলাক ধৰ্ষণ কৰাৰ অভিযোগত অভিযুক্ত কাদাৰ খানৰ সৈতেও নাম সাঙুৰ খাইছিল নুছৰতৰ। নুছৰতে কাদাৰৰ সৈতে কোনো সম্পৰ্ক অস্বীকাৰ কৰিছিল। যদিও কাদাৰ আৰু নুছৰতে মুম্বাইৰ এখন হোটেলত এটা কোঠা বুক কৰাৰ কথাও পোহৰলৈ আহিছিল । অৱশ্যে পিছৰ পৰ্যায়ত দুয়োৰে মাজৰ সম্পৰ্কৰ বিচ্ছেদ হৈছিল। photo- nusratchirps/Instagram