শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অক্ষুণ্ণ ৰাখিবলৈ ভিটামিনৰ প্ৰয়োজন হয়। শৰীৰত উপযুক্ত পৰিমাণৰ ভিটামিন ই থাকিলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। ভিটামিন ই (Vitamin E)য়েও কোষৰ ক্ষতি ৰোধ কৰাত সহায় কৰে। গতিকে যেতিয়া স্বাভাৱিকভাৱে ভিটামিন ইৰ অভাৱ হয় তেতিয়া শৰীৰত কিছু সমস্যাৰ সৃষ্টি হয়। অৱশ্যে ভিটামিনৰ অভাৱ সহজে ধৰা নপৰে। শৰীৰত ভিটামিন ইৰ অভাৱ হ’লে কি লক্ষণে ক’ব চাওঁ আহক।