ইউৰিন ইনফেকচনৰ প্রাথমিক লক্ষণৰ ভিতৰত আছে প্রস্রাৱ গাঢ় হালধীয়া বা ৰঙা হোৱা, প্রস্রাৱৰ দুর্গন্ধ।<br /> অলপ সময়ৰ মূৰে মূৰে প্ৰস্ৰাৱ কৰা লাগিলেও ভালকৈ প্ৰস্ৰাৱ নোহোৱা। প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা কৰা নাইইবা বিষ অনুভৱ কৰা। তলপেট নাইবা পিঠিৰ তলৰপিনে প্ৰচণ্ড বিষ হোৱা। প্ৰতিমুহূৰ্তত জ্বৰ জ্বৰ ভাৱ এটা থকা নাইবা মাজে মাজে কঁপনি অহা আৰু শৰীৰৰ তাপমাত্ৰা বাঢ়ি যোৱা আদি ইউৰিন ইনফেকচন বা প্ৰস্ৰাৱ সংক্ৰমণৰ লক্ষণ। এনে হ'লে লগে লগে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।