শৰীৰৰ ওজন বৃদ্ধি পালে নানা ৰোগে দেখা দিয়াৰ সম্ভাৱনা থাকে উচ্চ ৰক্তচাপ যিকোনো মানুহৰ হ’ব পাৰে। ওজন বাঢ়িলে ৰক্তনলীত অতিৰিক্ত চৰ্বি জমা হোৱাৰ সম্ভাৱনা থাকে। উচ্চ ৰক্তচাপে কিডনী, চকুৰ ক্ষতি কৰিব পাৰে, ডিমেনছিয়া আৰু হাৰ্ট একাকো হ’ব পাৰে। হৃদৰোগ আৰু ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি পায়। ওজন বৃদ্ধিৰ ফলত ডায়েবেটিছে দেখা দিয়ে।
ওজন কমোৱাৰ বাবে প্ৰয়োজন সঠিক ডায়েট আৰু ৱৰ্কআউট ৰুটিন। সময়ৰ ভিতৰত ওজন কম কৰাব বিচাৰিলে বহু পছন্দৰ খাদ্য এৰি দিব লাগিব। কাৰণ সেইসমূহে ওজন বৃদ্ধি কৰিব পাৰে। তাৰ সলনি এনে কিছু খাদ্য বাচি ল’ব লাগিব, যিবোৰ খাবলৈও ভাল আৰু ওজনো নবঢ়ায়। জানি লওক কি কি খাদ্য আপোনাৰ ডায়েটত অন্তৰ্ভুক্ত কৰিলে ওজন হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।