যদিও নিয়মীয়াকৈ নহয়, আনকি এটা নিৰ্দিষ্ট সময়তো পূৰৈশাক খোৱাটো অতি ভাল। ইয়াৰ শৰীৰৰ বাবে বহুতো লাভালাভ আছে, কিয়নো ইয়াত যথেষ্ট ভিটামিন এ, বি, চি, কেলচিয়াম, লো, ফলিক এচিড আৰু জিংক থাকে। চকু সুস্থ ৰখাৰ বাবে পূৰৈশাক অতি গুৰুত্বপূৰ্ণ৷ ইয়াত বিটা-কেৰোটিন থাকে, যি চকুৰ বাবে অতি ভাল। অত্যাধিক পোহৰৰ কুপ্ৰভাৱৰ পৰা সুৰক্ষা দিয়ে। সাংকেতিক প্ৰতিচ্ছবি। পূৰৈশাকত মেগনেছিয়াম থাকে, যি শক্তি বৃদ্ধিকৰাত সহায় কৰে। ই শক্তিৰ পৰিমাণ বৃদ্ধি কৰে। সাংকেতিক প্ৰতিচ্ছবি। পূৰৈশাকত যথেষ্ট পৰিমাণৰ এণ্টিঅক্সিডেণ্ট থাকে। ই ৰক্ত শৰ্কৰাৰ স্তৰ হ্ৰাস কৰে আৰু ইনচুলিনৰ পৰিমাণো সন্তুলিত কৰে। সাংকেতিক প্ৰতিচ্ছবি। সেউজীয়া শাক-পাচলিত ক্লোৰোফিল থাকে। ই কাৰ্চিনোজেনিকৰ প্ৰভাৱ প্ৰতিহত কৰে কিয়নো কৰ্কট ৰোগ কাৰ্চিনোজেনিকৰ প্ৰভাৱৰ ফলত হয়। ই কৰ্কট ৰোগ আঁতৰাবলৈ সক্ষম হয়।