কোৰোণা ভাইৰাছৰ সন্ত্ৰাস এতিয়াও সমগ্ৰ বিশ্বতে অব্যাহত আছে। বিশ্বৰ বিভিন্ন প্ৰান্তত কোৰোণাৰ ভেকচিন আবিষ্কাৰৰ বাবে দিন ৰাতি একাকাৰ কৰিছে চিকিত্সা বিজ্ঞানীসকলে। কিন্তু ভেকচিন কেতিয়া বজাৰলৈ আহিব, সেই কথা এতিয়াও পৰিষ্কাৰ হোৱা নাই। তাৰ মাজতে এতিয়া কোৰোণাৰ ভেকচিনকলৈ আশংকা কৰিছে বিজ্ঞানীয়ে। ভেকচিন আহিলেও প্ৰকোপ নকমে কোৰোণাৰ। প্ৰথমবাৰৰ ভেকচিনে শেষ কৰিব নোৱাৰে কোৰোণা ভাইৰাছ।
অক্সফোৰ্ডৰ বিজ্ঞানী, যিসকলে ভেকচিন প্ৰস্তুত কৰিছে, তেওঁলোকে ঠিক কৰিছে যে, এজন মানুহক কোৰোণাৰ পৰা যাতে ৫০ শতাংশ মুক্ত কৰিব পৰা যায়, সেই ক্ষমতাৰ ভেকচিন প্ৰস্তুত কৰা হৈছে। তেওঁলোকৰ মতে, ৫০ শতাংশ লক্ষণ হ্ৰাস পালেও মানৱ জাতিৰ বাবে হ’ব বৃহত্ সকাহ। প্ৰথম অৱস্থাত সম্পূৰ্ণ সফলতা লাভ নকৰিলেও পাব আংশিক সফলতা।