শীতকালীন পাচলিৰ ভিতৰত মূলা যেন তুলনামূলকভাৱে অনাদৃত। এই পাচলিৰ নাম শুনিলেই বহুতৰে মুখত বিতৃষ্ণাৰ ভাব ফুটি উঠে। কিন্তু মূলাৰ কিমান গুণ সেয়া আমি পাহৰি যাওঁ। প্ৰচূৰ পুষ্টিগুণেৰে ভৰা মূলাত কেলৰি খুম কম। গোন্ধ থাকিলেও মূলাৰ উপাদান বিভিন্ন এণ্টি অক্সিডেণ্ট, ভিটামিন চি, নানা ধৰণৰ এচিডে আমাক বিভিন্ন ৰোগৰ পৰা দূৰত ৰাখি সুস্থ হৈ থকাত সহায় কৰে। অবেচিটি, ডায়েবেটিছৰ দৰে সমস্যাত মূলা ডায়েটত ৰাখক। উচ্চ ৰক্তচাপ, হৃদৰোগৰ দৰে সমস্যাত মূলা নিয়মিতভাৱে খাওক। মূলাৰ গ্লাইছেমিক ইনডেক্স কম। সেয়ে নিয়ন্ত্ৰণত ৰাখে তেজত শৰ্কৰাৰ পৰিমাণ। কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰাতো মূলা উপকাৰী। শীতকালত মূলা খালে চৰ্দি–কাহৰ সংক্ৰমণো কম হয়। হাপানীৰ দৰে ক্ৰনিক ৰোগতো মূলা ডায়েটত ৰাখক। অৰুচি দূৰ কৰি বদহজম দূৰ কৰে মূলাৰ খাদ্য গুণে। জণ্ডিছ আৰু আৰ্থ্ৰাইটিছৰ দৰে শাৰীৰিক সমস্যাতো মূলা উপকাৰী। চালাড, ডাইল, তৰকাৰী আদিৰ উপৰি ৰুটি–পৰঠাৰ আটাতো মূলা মহলি কৰি খাব পাৰি। ইয়াৰ ফলত ভিন্ন সোৱাদৰ উপৰি শীতত নানা শাৰীৰিক সমস্যাৰ পৰা ৰেহাই পোৱা যায়। Disclaimer: এই প্ৰতিবেদন কেৱল সাধাৰণ তথ্যৰ বাবে, বিস্তাৰিতভাৱে জানিবলৈ হ’লে সদায় বিশেষজ্ঞৰ পৰামৰ্শ লওক।