বয়স বৃদ্ধিৰ হোৱাৰ লগে লগে মানৱ শৰীৰত হাড়ৰ বহুতো সমস্যা হ'ব পাৰে। দেখা গৈছে যে সাধাৰণতে পুৰুষৰ তুলনাত মহিলাৰ ক্ষেত্ৰত নানা ধৰণৰ হাড়ৰ ৰোগ সচৰাচৰ অধিক হয়। উদাহৰণ স্বৰূপে, অষ্টিওপোৰোচিছ (Osteoporosis)। বিভিন্ন সমীক্ষাই কয় যে বিশ্বত, বয়স বৃদ্ধিৰ ফলত হাড়ত হোৱা সমস্যা বা ৰোগবোৰৰ ভিতৰত, অষ্টিওপোৰোচি (Osteoporosis)ছ হোৱাৰ আশংকা বেছি থাকে।
৩০ বছৰ বয়সৰ পিছত, অষ্টিওপোৰোচিছ (Osteoporosis) হোৱাৰ আশংকা থাকে। এই ৰোগত আক্ৰান্ত হ'লে, হাড়ৰ ঘনত্ব হ্ৰাস হয়। যেতিয়া এই ৰোগত আক্ৰান্ত হ'লে, হাড়বোৰ ক্ৰমান্বয়ে দুৰ্বল আৰু ভঙ্গুৰ হৈ পৰে। অৱশ্যে, পুৰুষৰ তুলনাত মহিলাৰ এই ৰোগ হোৱাৰ সম্ভাৱনা অধিক। মেনোপজ (Menopause) বা মাহেকীয়া বন্ধৰ পিছত মহিলাসকল অষ্টিওপোৰোচিছ ৰোগতত ভুগিব পাৰে।
সমগ্ৰ বিশ্বত ৫০ বছৰতকৈ অধিক বয়সৰ প্ৰতি তিনিগৰাকী মহিলাৰ ভিতৰত এগৰাকী মহিলা এই ৰোগত আক্ৰান্ত হয়। ইয়াৰ অৰ্থ এইটো নহয় যে. পুৰুষসকল এই ৰোগৰ পৰা বহুত সুৰক্ষিত । পঞ্চাশ অতিক্ৰম কৰা পুৰুষৰ ক্ষেত্ৰত প্ৰতি পাঁচজনৰ ভিতৰত এজন লোক এই ৰোগত আক্ৰান্ত হয়। বৰ্তমান, বিশ্বজুৰি প্ৰায় ২০০ নিযুত লোক অষ্টিওপোৰোচিছ ৰোগতত ভুগি আছে।
ভাৰতত এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা কোটিতকৈও অধিক। সমগ্ৰ এছিয়াত এই ৰোগৰ প্রাদুর্ভাব অধিক। বৃদ্ধসকলৰ হাড় ভঙাৰ এটা মুখ্য কাৰণ হ'ল এই ৰোগ। সাধাৰণতে অষ্টিওপোৰোচিছৰ কোনো লক্ষণ নাথাকে। অৱশ্যে এই ৰোগত আক্ৰান্ত ৰোগীয়ে হাড়ত বিষ অনুভৱ কৰিব পাৰে। হাড়বোৰ নিজেও ভাঙিব পাৰে। কিছুমান ক্ষেত্ৰত সাধাৰণ আঘাত হ'লেই হাড় ভাঙিব পাৰে। অৰ্থাৎ হাড়ৰ শক্তি যথেষ্ট হ্ৰাস হয়। ইয়াৰ সৈতে হাড়বোৰ ক্ষয় হ'বলৈ আৰম্ভ কৰে।