দীঘল, সুন্দৰ, স্বচ্ছ নখ আমি সকলোৱে পছন্দ কৰো। কিছু টিপছ আৰু কৌশলে আমাক ঠিক তেনে ধৰণৰ সুন্দৰ নখ পাবলৈ সহায় কৰে। চাওক এই যাদুকৰী উপায়সমূহ কি কি। নেমুৰ ৰস : ভিটামিন চি নখৰ বৃদ্ধিত সহায় কৰে। দিনত অন্তত এবাৰ হাত আৰু ভৰিৰ নখত নেমুৰ ৰস ঘহিব লাগে। পাঁচ মিনিট ঘহি গৰম পানীৰে ধুই পেলাব লাগে। ই নখ বঢ়াত সহায় কৰে আৰু নখ পৰিষ্কাৰ আৰু বেক্টেৰিয়ামুক্ত কৰি ৰাখে। নাৰিকলৰ তেল : গৰম নাৰিকলৰ দেলেৰে নখ মাছাজ কৰিলে নখ বৃদ্ধি পায়। নাৰিকল তেল ভিটামিন ইৰে ভৰা আৰু এণ্টিঅক্সিডেণ্টৰ এক ডাঙৰ উৎস। প্ৰতিনিশা টোপনিৰ আগে আগে নাৰিকলৰ তেলেৰে নখ মাছাজ কৰিব লাগে। কমলাৰ ৰস : কমলাই কোলাজেন উৎপাদনত সহায় কৰে। কোলাজেন এক গুৰুত্বপূৰ্ণ উপাদান যিয়ে নখৰ বৃদ্ধিত সহায় কৰে। কমলাৰ এণ্টিঅক্সিডেণ্ট গুণে সংক্ৰমণ দূৰত ৰাখে। কমলাৰ ৰসেৰে প্ৰায় ১০ মিনিট নখ তিয়াই ৰাখি গৰম পানীৰে ধুই মইশ্চাৰাইজ কৰিব লাগে। অলিভ অইল : ক্ষতিগ্ৰস্ত, ভংগুৰ নখত কাম দিয়ে ভংগুৰ অইল। এই তেলে ৰক্ত সঞ্চালনতো সহায় কৰে আরু নখৰ বৃদ্ধিত সহায় কৰে। ভাৰ্জিন অলিভ অইল গৰম কৰি পাঁচ মিনিটৰ বাবে নখত মাছাজ কৰক। গ্ল’ভছেৰে হাত ঢাকি ৰাখিব লাগিব ওৰে নিশা। জেল আৰু এক্ৰিলিক নখ এৰাই চলিব লাগিব : নেইল আৰ্ট, জেল আৰু এক্ৰিলিক নখ দেখিবলৈ আকৰ্ষণীয়। কিন্তু এই নখে দুৰ্বল কৰি দিয়ে আৰু নখৰ বৃদ্ধিত বাধা দিয়ে। নিয়মিত নেইল আৰ্ট, এক্ৰিলিক্স আৰু জেল ব্যৱহাৰ কৰিলে নখৰ গুণমান আৰু বৃদ্ধি নষ্ট হয়। বায়টিন গ্ৰহণ কৰিব লাগিব : বাটটিন হ’ল নখ আৰু চুলিৰ বৃদ্ধিৰ পাৱাৰ হাউছ ভিটামিন। ডায়েটত বায়টিন সমৃদ্ধ খাদ্য যেনে কল, বা এভোকাডো যোগ কৰি তাৰ লগত বায়টিন ছাপ্লিমেণ্টো লোৱা হয়। ছাপ্লিমেণ্ট লোৱাৰ পূৰ্বে এবাৰ চিকিৎসকৰ পৰামৰ্শ লোৱা ভাল। প্ৰচূৰ পৰিমাণে শাক–পাচলি খাওক : শাক–পাচলি, বিশেষকৈ পালেং শাক, উচ্চ মাত্ৰাৰ ফলিক এচিড বা ভিটামিন বি৯ৰে পৰিপূৰ্ণ যিয়ে নখ বৃদ্ধিৰ পৰিপূৰক আৰু শক্তিশালী কৰে। দিনত এবাৰ সেউজীয়া শাক খালে নখ মজবুট আৰু দীঘল হয়। কণীৰ বাকলিত থকা অতিৰিক্ত কেলচিয়ামে নখ মজবুত কৰাত কহায় কৰে। কণীৰ বাকলি পৰিষ্কাৰকৈ পিচি পেষ্ট প্ৰস্তুত কৰি নখ লগাওক। মৌ বেক্টেৰিয়াৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে আৰু নখ আৰু কিউটিকলক পুষ্ট আৰু কোমল কৰি ৰখাত সহায় কৰে। নেমুৰ ৰসত মৌ মিহলাই এটা মাস্ক প্ৰস্তু তকি নখত মাছাজ কৰি ১৫–২০ মিনিটৰ বাবে ৰাখি ধুই পেলাব লাগে। নহৰু তেল : নহৰু ছেলেনিয়াম সমৃদ্ধ, যিয়ে নখৰ বৃদ্ধিত সহায় কৰে। নহৰুৰ টুকুৰাৰে আঙুলিৰ নখ ঘহিব লাগে। নহৰুৰ তেলো ব্যৱহাৰ কৰিব পাৰে।