এতিয়ালৈকে কৰোণা ভাইৰাছ প্ৰতিৰোধ (Coronavirus Safety) কৰাত আটাইতকৈ কাৰ্যকৰী বুলি দাবী কৰা মাস্কবিধ হৈছে এন-95 মাস্ক। কিন্তু এই মাস্কৰ চাহিদা যিমান বেছি ইয়াৰ মূল্যও সিমান বেছি। গতিকে মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত লোকসকলৰ বাবে নিৰন্তৰ এই মুখাটো সংগ্ৰহ কৰাটো অতি কঠিন। বহুতে আকৌ সুধে যে এন95 মাস্কৰ (N95 Mask usage) ওপৰত লিখা থকা এবাৰ ব্যৱহাৰযোগ্য শব্দটোৰ অৰ্থ কি? এবাৰ ব্যৱহাৰ কৰাৰ পিছত ইয়াক পেলাই দিব লাগিব নেকি? সাংকেতিক ছবি।
বিশেষজ্ঞ চিকিৎসকসকলে আগতেই জনাইছিল যে অমিক্ৰন ইমান বেছি সংক্ৰামক যে সাধাৰণ এক তৰপৰ কাপোৰৰ মাস্কে ইয়াক প্ৰতিৰোধ কৰিব নোৱাৰে বা পৰ্যাপ্ত নহয়। N95 মাস্কত (N95 Mask usage) পলিপ্ৰপাইলিন আঁহ থাকে যি যান্ত্ৰিকভাৱে বাহ্যিকভাবে আৰু একে সময়তে স্থিৰ বৈদ্যুতিক তৰংগক ব্যৱহাৰ কৰি বীজাণু প্ৰতিৰোধ কৰিবলৈ সক্ষম। গতিকে ভাইৰাছটো প্ৰতিৰোধ কৰিবলৈ N95 মাস্কৰ তুলনা নাই। সাংকেতিক ছবি।
অৰ্থাৎ, এজন চিকিৎসকে এজন কোভিড (Covid-19 Positive) ৰোগীক চিকিৎসা কৰাৰ পিছত আন এজন লোকৰ ওচৰলৈ যায়, তেতিয়া যাতে সেই লোকজনলৈ কোভিড সংক্ৰমণ বিয়পি নপৰে তাক প্ৰতিহত কৰিবলৈ মাস্কত এবাৰ ব্যৱহাৰযোগ্য বুলি লিখা থাকে। কিন্তু ব্যক্তিগত ব্যৱহাৰৰ সময়ত N95 মাস্ক (N95 Mask usage) পিন্ধাৰ উদ্দেশ্য হৈছে নিজকে ভাইৰাছৰ পৰা সুৰক্ষিত কৰা। গতিকে সেই ক্ষেত্ৰত বাৰম্বাৰ মাস্ক সলনি কৰাৰ কোনো প্ৰয়োজন নাই। সাংকেতিক ছবি।
কিন্তু এন৯৫ মাস্ক এখন একাধিকবাৰ ব্যৱহাৰ কৰিবলৈ কেইবাটাও নিয়ম অনুসৰণ কৰিব লাগিব। সেই নিয়মবোৰ জানি লওক : <br /> 1) কেতিয়াও মাস্কখনৰ সন্মুখভাগ স্পৰ্শ নকৰিব। অৰ্থাৎ মাস্কখন খোলা বা পিন্ধিলে বাহিৰত নাক আৰু মুখৰ কাষত থকা অংশবোৰ কোনো ধৰণে স্পৰ্শ কৰিব নোৱাৰি। খোলা বা পিন্ধিলে, সাৱধানে মাস্কৰ ৰছী বা কাষৰ অংশত ধৰি খুলিব বা পিন্ধিব। সাংকেতিক ছবি।
৩) বিশেষজ্ঞসকলে কয় যে মাস্কখন যিমানেই বেছি দিন ব্যৱহাৰ কৰা হয় সিমানেই অধিক বীজাণু আৰু দূষিত পদাৰ্থ প্ৰাকৃতিকভাৱে মাস্কখনত লাগি যাব। ফলস্বৰূপে উশাহ-নিশাহ লোৱা স্বাভাৱিকতে ক্ৰমান্বয়ে অসুবিধাজনক হৈ পৰিব। সেয়ে যেতিয়া মাস্ক এখনেৰে উশাহ লোৱাটো অসুবিধাজনক হৈ পৰে তেতিয়া আপুনি বুজিব লাগিব যে মাস্কখন এতিয়া ব্যৱহাৰযোগ্য নহয়। সাংকেতিক ছবি।