ব্যস্ততাপূৰ্ণ জীৱনত মেগীৰ দৰে সোনকালে হোৱা খাদ্য হয়টো নায়েই! কিন্তু বাৰে বাৰে যিকোনো বস্তু একেটা সোৱাদতে ৰান্ধি খোৱাটো আমনিদায়ক। একেবাৰে দোকানৰ দৰে মুখৰোচক। জিভালৈ পানী অহা কিদৰে বনাব, জানি লওক। এই মেগী তৈয়াৰ কৰিবলৈ ২০ গ্ৰাম মাখন, পিয়াজ লাগিব। বিলাহী, কেপচিকাম, জলকীয়া, নিমখ, জালুক, মেগি মচলা, চীজ আৰু অৱশ্যেই মেগী। মেগী মচলা, নিমখ, জালুক আৰু আপুনি বিচাৰিলে কিছু পৰিমাণৰ চীজৰ সৈতে এই মেগি বনাব পাৰে। তাৰ বাবে আপুনি বেছি কষ্ট কৰিব নালাগে। এটা পাত্ৰত মাখন গৰম কৰক। যেতিয়া গৰম হয়, কটা পিয়াজ আৰু কেঁচা জলকীয়া দিয়ক। কমেও ২-৩ মিনিটৰ বাবে লৰাই থাকক। যদি আপুনি বিচাৰে আপুনি অলপ আনাজো দিব পাৰে। এফালে, যিহেতু পৰিমাণ বৃদ্ধি হ'ব, মেগিও অধিক স্বাস্থ্যকৰ হ'ব।