শীত কাল আহিছে। প্ৰায় সকলোৱে শীতকাল আৰু উৎসৱৰ বতৰৰ আমেজ লৈছে সকলোৱে। এই সময়ছোৱাত সকলোৰে ঘৰত বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰৰ আয়োজন কৰা হয়। আৰু প্ৰায়বোৰ ব্যঞ্জনত চেনীৰ ভূমিকাই অধিক। কিন্তু প্ৰয়োজনতকৈ অধিক চেনী খোৱাটো শৰীৰৰ বাবে ক্ষতিকাৰক। চেনীক চিকিৎসকসকলে বগা বিহ (White Poison) বুলিও কয়। সেয়েহে সাধাৰণ চেনীৰ পৰিৱৰ্তে, বহুলোকে আজিকালি জীৱনশৈলীত কোকোনাট চেনী (Coconut Sugar) বাছনি কৰিছে। আজিকালি খাদ্যৰ সোৱাদৰ লগতে স্বাস্থ্যৰ কথাও মনত ৰাখি খাদ্য প্ৰস্তুত কৰা হয়। বেছিভাগ লোকৰে স্বাস্থ্যকৰ খাদ্য খোৱাৰ প্ৰৱণতা বাঢ়িছে। আৰু যিকোনো মিঠাই স্বাস্থ্যকৰ কৰাৰ বাবে নাৰিকল চেনী (Coconut Sugar) অতি উপকাৰী।
কি এই কোকোনাট চেনী?<br /> নাৰিকল ফুল বা নাৰিকল গছৰ মুচিৰ পৰা মিঠা ৰস ওলাই আহে। এই নাৰিকল মুচি কাটি তাত পাত্ৰ এটা ওলোমাই ৰস সংগ্ৰহ কৰা হয় আৰু তাৰ পিছত গুড় তৈয়াৰ কৰাৰ ধৰণে উতলাই থাকিলে ই ৰঙা হৈ পৰে আৰু তাৰ পিছত চেনী তৈয়াৰ হয়। এই চেনী দানা সাধাৰণ চেনীৰ দৰে ডাঙৰ বা মজলীয়া নহয়, ইয়াতকৈ যথেষ্ট সৰু। বৰ্তমান, চিকিৎসকে পৰামৰ্শ দিয়ে যে ডায়েবেটিচ ৰোগীৰ পৰা সাধাৰণ লোকলৈকে সকলোকে বিকল্প হিচাপে এই নাৰিকল চেনী খাব লাগে।
এই চেনী তৈয়াৰ কৰাত কোনো জন্তুৰ ক্ষতি নহয় <br /> সাধাৰণ পৰিশোধিত চেনী বা চেনী প্ৰস্তুত কৰোঁতে কেতিয়াবা জন্তুj হাড়ৰ পাউডাৰ প্ৰয়োজন হয়। কিন্তু এই কোকোনাট চেনী প্ৰস্তুতৰ ক্ষেত্ৰত বিশেষ একো প্ৰয়োজন নাই আৰু ইয়াক সম্পূৰ্ণৰূপে গছৰ ৰসেৰে তৈয়াৰ কৰা হয়। যিটো কেৱল ভেগানসকলৰ বাবেই ভাল নহয় কিন্তু সকলোৰে স্বাস্থ্যৰ বাবেও উপকাৰী।
কোকোনাট চেনীত প্রচুৰ পৰিমাণে ইলেকট্রোলাইট থাকে<br /> হৃদযন্ত্ৰ, স্নায়ু আৰু পেশী স্বাভাৱিক আৰু ভাল ৰাখিবলৈ শৰীৰত ইলেক্ট্ৰলাইটৰ প্ৰয়োজন। ইলেক্ট্ৰলাইটে দেহত পানী হিচাপে কাম কৰে। কোকোনাট চেনীত যথেষ্ট পৰিমাণে ইলেক্ট্ৰলাইট থাকে। ফলস্বৰূপে এই চেনীয়ে শৰীৰ স্বাস্থ্যৱান ৰাখে। ইয়াত যথেষ্ট পটাছিয়াম, মেগনেছিয়াম আৰু ছডিয়াম থাকে আৰু শৰীৰ স্বাস্থ্যৱান ৰখাত সহায় কৰে। পটাছিয়াম কোকোনাট চেনীত সাধাৰণ চেনীতকৈ শ শ গুণ বেছি থাকে।