১. বিষণ্ণতা : কম টোপনি মাৰিলেও আপেক্ষিকভাৱে শৰীৰ সুস্থই আছে। কিন্তু এনে পৰিস্থিতিত দেখিব কামত মন নবহে। সকলো বস্তুৰ প্ৰতি ইচ্ছাশক্তি কমি গৈছে। অৱসাদ আৰু ইচ্ছাশক্তি কমি যোৱাৰ দৰে সমস্যাৰ সন্মুখীন হৈছে আপুনি। বিশেষজ্ঞসকলৰ মতে, কম টোপনিয়ে আটাইতকৈ আগতে প্ৰভাৱ পেলায় মনত। আনকি দীৰ্ঘদিন ধৰি কম টোপনিৰ ফলত ডিপ্ৰেচন বা বিষণ্ণতা আহিব পাৰে। (প্ৰতীকী ফটো)
৪. হৃদৰোগ : কম টোপনিৰ ফল হ’ব পাৰে মাৰাত্মক। গৱেষণাত দেখা গৈছে, কম টোপনিৰ ফলত বৃদ্ধি পায় হৃদৰোগৰ সম্ভাৱনা। কম টোপনিয়ে হৃদপিণ্ডৰ স্পন্দনত ব্যাঘাত জন্মায়। দীৰ্ঘদিন ধৰি কম টোপনি মাৰিলে হাৰ্ট এটেকৰ সম্ভাৱনা বাঢ়ে আৰু হাৰ্ট ফেইলো হ’ব পাৰে। ইয়াৰ উপৰি, ব্লাড প্ৰেছাৰ, ডায়েবেটিছৰ দৰে বিপজ্জনক ৰোগেও আগুৰি ধৰিব পাৰে। (প্ৰতীকী ফটো)
৭. দুৰ্ঘটনাৰ প্ৰৱণতা বৃদ্ধি কৰে : কম টোপনিৰ ফলত মস্তিষ্কই সঠিক প্ৰতিক্ৰিয়া জনাত সক্ষম নহয়। ফলত যি কৰিব বিচাৰে, সেয়া নহৈ আন এটা ভুল হৈ যায়। কোনো কাম কৰিবলৈ গৈ সমস্যাৰ সৃষ্টি হয়। যেনে ৰাস্তাত ঠিকমতে গাড়ী চলাই গ’লেও মস্তিষ্কৰ ভুলৰ বাবে হ’ব পাৰে দুৰ্ঘটনা। সেয়েহে নিজৰ শৰীৰৰ প্ৰতি নজৰ দিয়ক। পৰ্যাপ্ত টোপনি নিশ্চিত কৰক। (প্ৰতীকী ফটো)