সৰিয়হৰ তেল অবিহনে ঘৰৰ সুস্বাদু ৰন্ধন অসম্পূৰ্ণ। কিন্তু এই তেলে কেৱল ৰন্ধনৰ সোৱাদেই বৃদ্ধি নকৰে। শৰীৰৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰিব পাৰে। সৰিয়হ তেলৰ কিছুমান গুণ জানক- সৰিয়হৰ তেলে শৰীৰত জীৱাণুৰ বিকাশ হ্ৰাস কৰাত সহায় কৰে। সৰিয়হৰ তেলে ছাল আৰু চুলিৰ স্বাস্থ্য ভাল ৰাখে। ছালৰ যত্ন আৰু চুলি শক্তিশালী কৰাত সৰিয়হৰ তেলৰ তুলনা নাই। সৰিয়হৰ তেলে শৰীৰৰ যিকোনো বিষ উপশম কৰিব পাৰে। বিষত সৰিয়হৰ তেল ঘঁহিলে উপকাৰী হয়। হেল্থলাইনৰ মতে, হৃদযন্ত্ৰ স্বাস্থ্যৱান ৰাখিবলৈ সৰিয়হৰ তেল অতি উপকাৰী। হৃদযন্ত্ৰৰ যত্নত দৈনিক সৰিয়হৰ তেল অতি গুৰুত্বপূৰ্ণ। Disclaimer : এই প্ৰতিবেদন কেৱল সাধাৰণ তথ্যৰ বাবে, সেয়েহে বিশদ জানিবলৈ সদায়ে বিশেষজ্ঞ এজনৰ পৰামৰ্শ লওক।