ভাৰতৰ দৰে গ্ৰীষ্মপ্ৰধান দেশত জণ্ডিছ (Jaundice) এটা সাধাৰণ ৰোগৰ দৰে হৈ পৰিছে। পৰ্যাপ্ত বিশ্ৰাম, ঔষধ আৰু সুষম আহাৰ এই ৰোগ নিৰাময়ৰ মূল মন্ত্ৰ। চাওঁ আহক জণ্ডিছ ৰোগ সহজে নিৰাময় কৰিবলৈ আহাৰ গ্ৰহণৰ ক্ষেত্ৰত কেনেদৰে যত্ন ল'ব লাগে। আপুনি যথেষ্ট বিশুদ্ধ পানী সেৱন কৰক। যিমানে পানী সেৱন কৰিব সিমানেই অধিক মাত্ৰাত শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ হ'ব। জণ্ডিছ হোৱাৰ ফলত লিভাৰ দুৰ্বল হৈ পৰে। ফলত পাচনতন্ত্ৰ আৰু পাচনক্ৰিয়া হ্ৰাস পাবলৈ ধৰে। গতিকে এই ৰোগত পৰাপক্ষত জুলীয়া আহাৰ গ্ৰহণ কৰা জৰুৰী। জণ্ডিছ ৰোগ সোনকালে উপশম হ'বলৈ আহাৰত চুপ আৰু বিভিন্ন ধৰণৰ কাঢ়া সেৱন কৰিব লাগে। পৰাপক্ষত গোটা আহাৰ বৰ্জন কৰিব। এই সময়ত ফলৰ ৰসো সেৱন কৰিব পাৰে। যিমানেই সহজে হজম হোৱা খাদ্য গ্ৰহণ কৰিব সিমান সোনকালে জণ্ডিছ ৰোগৰ উপশম ঘটিব। জণ্ডিছ ৰোগত নেমুৰ ৰস খাবলৈ দিয়াটো বহুতৰ ঘৰতে এটা পৰম্পৰা হিচাপেই গণ্য কৰা হয়। জণ্ডিছ হৈ থকাৰ সময়ত বহুলোকে মাংসৰ পৰা পোৱা প্ৰ'টিন হজম কৰিব নোৱাৰে। কন্তু প্ৰ'টিন শৰীৰৰ বাবে অত্যন্ত প্ৰয়োজনীয় এটা উপাদান। এনে ক্ষেত্ৰত অধিক পৰিমাণে দাইল আৰু মাহ জাতীয় খাদ্য খাওক। ডাঠ দাইলৰ পৰিৱৰ্তে পাতলকৈ ৰান্ধি এবাটিকৈ নিয়মিত খাবলৈ লওক।