দৈনন্দিত জীৱনত বহু লোকৰে উদ্বেগজনক সমস্যা হ’ল উচ্চ ৰক্তচাপ বা হাই ব্লাড প্ৰেচাৰ। তুলনামূলকভাৱে কম বয়সীয়া লোকসকলৰ মাজতো এই সমস্যা বিয়পি পৰিছে। অনিয়ন্ত্ৰিত জীৱন–যাপন মূল কাৰণ উচ্চ ৰক্তচাপৰ। সম্পূৰ্ণ নিৰাময় সম্ভৱ নহ’লেও খাদ্য তালিকা আৰু জীৱনযাত্ৰাৰ পৰিৱৰ্তনৰ জৰিয়তে এনে সমস্যা নিয়ন্ত্ৰণত ৰখাটো সম্ভৱ। উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিবলৈ কিছু খাদ্য যোগ কৰিব লাগিব আপোনাৰ খাদ্য তালিকাত। সেইসমূহৰ ভিতৰত প্ৰথমেই আহিব ওট্ছ। ফাইবাৰ আৰু গোটা দানাশস্যৰে ভৰা ওট্ছৰে কৰিব পাৰে ব্ৰেকফাষ্ট। কম ছডিয়াম থকা এই খাদ্য খাব পাৰে পেনকেক হিচাপেও। ইয়াৰে বনাব পাৰি একাধিক বেকড ডিছ। ফাইবাৰ আৰু ভিটামিন চিৰ উৎস হিচাপে সমৃদ্ধ কমলা ৰাখক ডায়েটত। সম্ভৱ হ’লে দৈনিক এগিলাছ কমলা লেবুৰ ৰস পান কৰক। আপোনাৰ ৰক্তচাপ নিয়ন্ত্ৰণৰ থাকিব। বিটৰুটৰ দৰে পাচলিত প্ৰচূৰ নাইট্ৰেটছ থাকে। বিটৰ ৰস দৈনিক পান কৰিলে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। ভিটামিন ই, ফলিক এচিড, প্ৰটিন আৰু ফাইবাৰেৰে ভৰপূৰ সূৰ্যমুখীৰ বীজে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে। দৈনিক ডায়েটত এমুঠি সূৰ্যমুখীৰ দানাই হাইপাৰটেনচন প্ৰশমিত কৰাৰ লগতে সুস্থ ৰাখে হৃদযন্ত্ৰও। সূৰ্যমুখীৰ বীজত প্ৰচূৰ পৰিমাণে মেগনেছিয়াম আৰু ফাইবাৰো আছে। কলত থকা পটাছিয়ামে নিয়ন্ত্ৰণত ৰাখে হাইপাৰটেনচনক। ডায়েটৰ পুষ্টিগুণ বৃদ্ধি কৰিবলৈ নিয়মিত কল খাওক।