কোনো মানুহ হঠাতেই খিংখিঙীয়া (Irritability) হৈ পৰে। প্ৰিয় মানুহৰ ক্ষেত্ৰত এই কথা আনগৰাকীয়ে মানি ল'বলৈ স্বাভাৱিকতে টান পায়। এনে পৰিৱৰ্তনবোৰৰ আঁৰত কোনো নহয় কোনো কাৰণ থাকে, সেয়ে প্ৰকৃতি খিংখিঙীয়া হৈ পৰে। যেতিয়া আপুনি এনে অপ্ৰত্যাশিত পৰিস্থিতিৰ ভুক্তভোগী হয়, আপুনিও খং কৰে, আপুনিও খিংখিঙীয়া হৈ পৰে।
অনেক সময়ত এয়া নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়। আপোনাৰ প্ৰিয় ব্যক্তিৰ এনে আচৰণক লৈ প্ৰতিক্ৰিয়াশীল হোৱাতকৈ কেইটামান উপায় বিচাৰি উলিয়াওক, যিয়ে এই সমস্যাটো সহজে সমাধান কৰিব। মনস্তাত্ত্বিক কাৰণৰ লগতে আন কেইবাটাও কাৰকেও এনে আচৰণক প্ৰভাৱিত কৰিব পাৰে। বিশেষকৈ কিছুমান খাদ্যৰ এই সমস্যাটোৰ বহুতো সমাধান কৰিব পাৰে।
বাদাম- আখৰোট, চিনাবাদাম, পিস্তা, কিচমিছত আশ্চৰ্যজনক পুষ্টি থাকে। এইবোৰ আপোনাৰ আহাৰত যোগ দিব পাৰে। এইবোৰ হৈছে আঁহ, প্ৰ'টিন আৰু স্বাস্থ্যকৰ চৰ্বিৰে পৰিপূৰ্ণ ছুপাৰ হেল্থ ফুড। কাজু বাদাম আৰু অন্যান্য বাদাম অলপ খাব যাতে আপোনাৰ কাৰ্ব আৰু কেলৰিৰ স্তৰ ভালে থাকে। ৰাতিপুৱা এমুঠি মিশ্ৰিত বাদাম খাবলৈ চেষ্টা কৰক। ই এক স্বাস্থ্যকৰ জলপান। আপোনাৰ মেজাজ, ছাল আৰু সামগ্ৰিক স্বাস্থ্যৰ দীৰ্ঘম্যাদী লাভালাভৰ বাবে বাদামত অমেগা-৩ ফেটি এচিড থাকে।
কণী– আমি সকলোৱে বিভিন্ন ধৰণে ৰন্ধা কণী খাবলৈ ভাল পাওঁ। অধ্যয়নে দেখুৱাইছে যে কণী খোৱাটোৱে আপোনাক ভাল মেজাজত ৰাখিব। কণীত উচ্চ পৰিমাণৰ প্ৰ'টিন, ভিটামিন ডি, বি-১২ থাকে। কণীয়ে আপোনাৰ মন ভালে ৰখাত কৰে। কণীত ট্ৰিপ্টোফেন আৰু উচ্চ কলিন (ভিটামিন বি) আৰু প্ৰ'টিন থাকে। কলিনে মগজুৰ স্বাস্থ্যক পোনপটীয়াকৈ প্ৰভাৱিত কৰে আৰু মনটো স্বাস্থ্যৱান ৰাখে।