পৰিশোধিত চেনিক ‘কেল’ৰী শূন্য’ বোলা হয়, অৰ্থাৎ ইয়াৰ কোনো পুষ্টিগুণ নাই। কেৱল অত্যধিক চেনি খোৱাৰ ফলত নহয়, ভিটামিন আৰু খনিজৰ অভাৱতো ওজন বাঢ়িব পাৰে। মৌৱে ইয়াৰ ভাৰসাম্য বজাই ৰাখে। মৗ পৰিমিত পৰিমাণে খালে সেয়া পুষ্টিকৰ, ওজন কমোৱাত সহায় কৰে। আমেৰিকান কলেজ অব নিউট্ৰিচনৰ গৱেষণা অননুসৰি, নিশা শোৱাৰ সময়ত মৌ খালে টোপনিৰ কেইঘণ্টামানৰ মাজতে কেলৰী বাৰ্ণ হ’বলৈ আৰম্ভ কৰে।
মৌ আৰু নহৰু : চৰ্দি–কাহৰ চিকিৎসাৰ লগতে ওজন কমোৱাৰ বাবে বহু বছৰ ধৰি যি প্ৰতিকাৰৰ ব্যৱহাৰ তলিছে তাৰ মাজত এটা হ’ল নহৰু আৰু মৌৰ মিশ্ৰণ। নহৰুৰ উগ্ৰ গোন্ধযুক্ত, সেয়ে বহুতেই কেঁচাই খাব নোৱাৰে। ইয়াৰ সৈতে অলপ মৌ মিহলাই ল’লে ইয়াৰ সোৱাদ সলনি হয়। গৰম পানীৰ সৈতে এই মিশ্ৰণ খালে ওজন কমোৱাৰ লগতে আন স্বাস্থ্য উপকাৰিতাও লাভ কৰিব পাৰি। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰতো এয়া অতি কাৰ্যকৰী।