হালধি – হালধিত আছে কাৰকুমিন যিয়ে বুকুৰ পৰা কফ, শ্লেষ্মা দূৰ কৰে বুকুৰ বেদনা হ্ৰাস কৰে। ইয়াৰ এণ্টি ইনফ্লেমেটৰী উপাদানে ডিঙিৰ বিষ, বুকুৰ যন্ত্ৰণা দূৰ কৰে। এগিলাছ কুহমীয়া গৰম পানীত এচিকুট হালধি গুৰি মিহলাই প্ৰতিদিনে কুলিকুলি কৰক। আৰাম পাব। ইয়াৰ উপৰি এগিলাছ গাখীৰত আধা চাহ চামুচ হালধি গুৰি মিহলাই উতলাওক। ২ চাহ চামুচ মৌ আৰু সামান্য জালুকৰ গুৰি মিহলাই এই মিশ্ৰণটো ২–৩ বাৰ খাওক। উপকাৰ পাব।