এই পিঁয়াজ বহুতো গুণেৰে সমৃদ্ধ। যিকোনো ৰন্ধন প্ৰণালীৰ সোৱাদ বঢ়াবলৈ কেৱল পিঁয়াজ যথেষ্ট। যদি কোনোবাই চাহৰ প্ৰতি আসক্ত হয়, তেওঁ দিনত এবাৰ কৈ পিয়াজৰ বাকলি মিহলি কৰিব পাৰে আৰু চাহ খাব পাৰে। পিঁয়াজৰ বাকলিত ভিটামিন 'এ' সহ আন কেইবাটাও পুষ্টি থাকে যি দৃষ্টিশক্তি বৃদ্ধি কৰাত যথেষ্ট সহায়ক। ইয়াৰ উপৰিও, নিয়মীয়াকৈ পিঁয়াজ ৰখা চাহ খোৱাৰ ফলত শুকান ছালৰ সমস্যাও আঁতৰ হয়। কাৰণ ই ছালৰ নতুন কোষ গঠনত সহায় কৰে।