গ্ৰীষ্মকালত কোনেও গৰম পানীয় খাবলৈ ভাল নাপায়। তেতিয়া সকলোৱে তেওঁলোকৰ তৃষ্ণা নিবাৰণৰ বাবে ঠাণ্ডা পানীয় বিচাৰে। আনকি চাহ খোৱাৰ ক্ষেত্ৰতো, সকলোৱে আইচড চাহ বা বৰফৰ চাহ খোৱাৰ প্ৰতি আগ্ৰহী। কিন্তু বহুলোকে নাজানে যে আমাৰ পেট এটা য়াং বা গৰম অংগ। এইটো বহুত ঊণৰ দৰে। গতিকে ইয়াক কাৰ্যকৰী কৰি ৰাখিবলৈ তাপৰ প্ৰয়োজন। গৰমতও গৰম চাহ খোৱাটো কিয় প্ৰয়োজন চাওঁ আহক।
ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰে - গৰম চাহ শৰীৰত সঞ্চালিত হয় আৰু পুষ্টিশোষণ বৃদ্ধি কৰে। ঠাণ্ডা পানীয় সেৱনে গেষ্ট্ৰোইন টেষ্টিনেল ট্ৰেক্ট দ্ৰুত কৰে, সেয়েহে অঙ্গবোৰে পুষ্টি সঠিকভাৱে শোষণ কৰিব নোৱাৰে। সময়ৰ লগে লগে, যদি শৰীৰে বিকাশ আৰু মেৰামতিৰ বাবে প্ৰয়োজনীয় আৰু পৰ্যাপ্ত পুষ্টি নাপায়, ৰোগৰ আশংকা অধিক বৃদ্ধি হয়।