চাহ সকলোৰে প্ৰিয়। কিন্তু সাৱধান! চাহৰ সৈতে যিকোনো বস্তু নোখোৱাই ভাল। কাৰণ তাৰ পৰা শৰীৰৰ ক্ষতি হ’ব পাৰে। সেয়ে চাহৰ সৈতে স্নেক্স কি খাব সেয়া জানি লওক। স্প্ৰাউট, ফল আৰু পাচলি : স্বাস্থ্য বিশেষজ্ঞৰ দাবী, স্প্ৰাউট অৰ্থাৎ অংকুৰিত কোনো কেঁচা শস্য বা পাচলি চাহৰ সৈতে খোৱা উচিত নহয়। কেঁচা ফল আৰু শাক–পাচলি চাহৰ সৈতে খোৱা উচিত নহয়। কাৰণ তাৰ ফলত পেটৰ ক্ষতি হ’ব পাৰে। বেচনৰ খাদ্য : বহু লোকে মানুহে গৰম চাহৰ সৈতে পকোৰা খাবলৈ ভাল পায়। কোনো কোনোৱে চাহৰ সৈতে বেছনেৰে বনোৱা বিভিন্ন সুস্বাদু খাদ্য খায়। কিন্তু চাহৰ সৈতে বেচনেৰে ভজা যিকোনো খাদ্য খালে হজমৰ সমস্যা হ’ব পাৰে। হালধিৰ উপকৰণ : হালধি দি ৰন্ধা যিকোনো বস্তু চাহৰ সৈতে খোৱা উচিত নহয়। কম পৰিমাণৰ হালধি ব্যৱহাৰ কৰা খাদ্য কেতিয়াবা খালেও বেছিকৈ হালধি ব্যৱহাৰ কৰা খাদ্যৰ পৰা বিৰত থাকক। বিশ্বাস কৰা হয় যে চাহৰ সৈতে হালধি দি ৰন্ধা খাদ্য খালে বা চাহ খোৱাৰ কিছুসময় আগত বা পিছত খালে পাচনতন্ত্ৰত প্ৰভাৱ পৰে। নেমু বা ছাইট্ৰাছ ফল : বহুতেই চাহৰ সৈতে নেমু খাই ভাল পায়। কিন্তু সেয়া নোখোৱাই ভাল। ইয়াৰ ফলত এচিডিটি আৰু হজমৰ সমস্যা হ’ব পাৰে। সিজোৱা কণী : কণী স্বাস্থ্যৰ বাবে খুবেই উপকাৰী। সৰুৰ পৰা ডাঙৰলৈ সকলোৱে কণী খাবলৈ ভাল পায়। বিশেষকৈ পুৱা কণী খোৱাৰ নিয়ম বহু ঘৰতে আছে। কিন্তু চাহৰ সৈতে সিজোৱা কণী খোৱা উচিত নহয়। ইয়াৰ ফলত স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে।