চিকিৎসকসকলে অত্যাধিক নিমখ খাবলৈ নিষেধ কৰে। কিন্তু আমাৰ বহুতে অত্যাধিক নিমখৰ ফলত হোৱা ক্ষতিৰ বিষয়ে অজ্ঞাত। উদাহৰণ স্বৰূপে, অত্যাধিক নিমখে পিয়াহ বৃদ্ধি কৰে। অত্যাধিক নিমখ খালে উচ্চ ৰক্তচাপৰ সমস্যা হ'ব পাৰে। ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিবলৈ কেঁচা নিমখ পৰিহাৰ কৰিব লাগে। অত্যাধিক নিমখ খোৱাৰ ফলতটো টোপনিৰ সমস্যাও হ'ব পাৰে। নিমখ খোৱাৰ ফলত ৰক্তচাপ বৃদ্ধি হয়। যাৰ ফলত বাৰে বাৰে পিয়াহ লাগে আৰু প্ৰস্ৰাৱৰ পৰিমাণো বৃদ্ধি হ'ব পাৰে, সেয়েহে নিশা টোপনি যোৱাত সমস্যা হ'ব পাৰে। নিমখ খোৱাটোৱে মুৰৰ বিষৰ সমস্যাও বৃদ্ধি কৰে। গতিকে যদি আপোনাৰ মুৰৰ বিষ হয় তেন্তে নিমখ খোৱা পৰিহাৰ কৰিব। অতিৰিক্ত নিমখৰ ফলত ছাল খহটা আৰু শুকান হ'ব পাৰে। কেৱল সেয়াই নহয়, অত্যাধিক নিমখ খালে ৰোগ প্ৰতিৰোধ প্ৰণালী হ্ৰাস হ'ব পাৰে। Disclaimer: এই প্ৰতিবেদন কেৱল সাধাৰণ তথ্যৰ বাবে, সেয়েহে বিশদ জানিবলৈ সদায়ে বিশেষজ্ঞ এজনৰ পৰামৰ্শ লওক।