ৰন্ধনত সদায় একঘেয়ামি উপকৰণ ব্যৱহাৰ কৰি থাকিলে ভাল নালাগে। তাৰ মাজতে যদি ব্যঞ্জনত অকণমান গৰম মছলা দি দিয়া হয় তেন্তে সোৱাদ আৰু সুগন্ধই সকলোকে আনন্দ দিয়ে, খোৱাৰ তাগিদাও বাঢ়ি যায় বহুত। পিছে গৰম মছলা সঁচাকৈ গৰম হয় নেকি? গৰম মছলাৰ ৰমে দেহৰ ক্ষতি কৰে নেকি? প্ৰায়সংখ্যক লোকেই এই প্ৰশ্নটো কৰে। (Garam Masala for Health)
বিভিন্ন ধৰণৰ ৰোগ নিৰাময়ৰ বাবে প্ৰতিটো মছলাই উপযোগী। ইয়াৰ উপৰি শুকান জলকীয়া আৰু তেলত সিক্ত ৰন্ধনত গৰম মচলা যোগ দিলে আগৰ দুটা উপাদানৰ ক্ষতিকাৰক প্ৰভাৱ যথেষ্ট হ্ৰাস হয়। অৱশ্যে, এটা কথা মনত ৰাখিব লাগিব যে গৰম মছলা ৰন্ধা হোৱৰ পিছতহে সামান্য পৰিমাণে খাদ্যত ছটিয়াই দিব লাগে। ৰন্ধাৰ মাজত গৰম মছলা দিলে খাদ্যৰ সোৱাদেই সলনি হৈ যাব পাৰে।
আয়ুৰ্বেদ শাস্ত্ৰ অনুসৰি গৰম মছলাই শৰীৰৰ উত্তাপ বৃদ্ধি কৰাত সহায় কৰে। গতিকে এই মছলাটোৰ নামৰ সৈতে 'গৰম' শব্দটো ব্যৱহাৰ কৰা হয়। ইয়াক বিভিন্ন ৰন্ধন প্ৰণালীত অতিৰিক্ত গোন্ধ যোগ দিবলৈ আৰু সোৱাদ বঢ়াবলৈও ব্যৱহাৰ কৰা হয়। সাধাৰণতে ৰন্ধাৰ শেষত গৰম মছলা দিয়া হয়। কিন্তু ই শৰীৰত সৃষ্টি কৰা উত্তাপ বৃদ্ধি আৰু স্বাস্থ্যৰ বাবে উপযোগী। ইয়াৰ মুখ্য উদ্দেশ্য হৈছে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা।
আপুনি ঘৰত গৰম মচলাও বনাব পাৰে। জিৰা গুটি, জালুক, ডাঙৰ ইলাচী, ডালচেনি আৰু লং অলপ গৰম কৰক। তেজপাতৰ ঠাৰি আঁতৰাই লওক। জাযইফলটো সৰু টুকুৰাকৈ ভাঙি দিয়ক। সকলো বোৰ উপাদান গ্ৰাইণ্ডাৰত পিহি লওক। এইবাৰ গুৰিখিনি চালনীএখনত চালি লওক। চালনীত ৰৈ যোৱা খিনি আকৌ এবাৰ গ্ৰাইণ্ডাৰত পিহি আকৌ এবাৰ চালি লওক। এইবাৰ এই মছলাখিনি এয়াৰ-প্ৰুফ টেমা এটাত থৈ দিয়ক আৰু প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰক।