হৃদৰোগে যিকোনো বয়সতে আক্ৰমণ কৰিব পাৰে। আমাৰ হৃদযন্ত্ৰৰ স্বাস্থ্য শৰীৰত কলেষ্টেৰলৰ স্তৰৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰে, আপোনাৰ হাতত একাধিক খাদ্য আছে, যাৰ ফলত কলেষ্টেৰলৰ স্তৰ নিয়ন্ত্ৰণ কৰা হয়। আগতে ঘৰে ঘৰে এক পথ্য আছিল বাৰ্লি, যি আঁহ আৰু প্ৰ'টিন সমৃদ্ধ, ইয়াৰ কলেষ্টেৰলৰ স্তৰ কম, অতিৰিক্ত ওজন নিয়ন্ত্ৰণ কৰিব পাৰি। আমলা বা আমলখি বহুতো শাৰীৰিক সমস্যাত উপকাৰী, আমলাই বেয়া কলেষ্টেৰল নিয়ন্ত্ৰণ কৰি শৰীৰ স্বাস্থ্যৱান ৰাখে। আপেলবোৰে এলডিএল কলেষ্টেৰলৰ স্তৰ কম ৰাখি অক্সিডেচন নিয়ন্ত্ৰণ কৰে। মেথি, এক প্ৰসিদ্ধ মচলা, যথেষ্ট আঁহ থাকে, ইয়াৰ স্বাস্থ্যৰ লাভালাভো অধিক। নেমু, কমলাৰ পৰা আঙুৰলৈকে, সকলো নেমুজাতীয় ফলে কলেষ্টেৰলৰ স্তৰ হ্ৰাস কৰে আৰু হৃদৰোগৰ আশংকা হ্ৰাস কৰে। Disclaimer: এই প্ৰতিবেদনটো কেৱল সাধাৰণ তথ্যৰ বাবে, সেয়েহে বিশদ জানিবলৈ সদায়ে বিশেষজ্ঞ এজনৰ পৰামৰ্শ লওক।