কলেষ্টেৰল হৈছে এক প্ৰকাৰৰ চৰ্বিযুক্ত, তেলেতীয়া ষ্টেৰইড যাক কোষৰ আৱৰণত পোৱা যায় আৰু যাক তেজলৈ পৰিবহন কৰা হয়। ই স্তন্যপায়ী প্ৰাণীৰ কোষ আৱৰণৰ এক গুৰুত্বপূৰ্ণ উপাদান। কিন্তু যদি কলেষ্টেৰলৰ স্তৰ উচ্চ হয়, ই ধ্বংসাত্মক! হৃদৰোগ আৰু ৰক্ত সঞ্চালনৰ দৰে ৰোগৰ আশংকা বৃদ্ধি কৰে! হৃদআক্ৰমণ, ষ্ট্ৰোকৰ আশংকাও বহুগুণে বৃদ্ধি হয়। গতিকে সাৱধান হওক!
যেতিয়া খাদ্যৰ জৰিয়তে অধিক চেনীযুক্ত খাদ্য শৰীৰত প্ৰৱেশ কৰে, ই চৰ্বি হৈ পৰে। তেতিয়া শৰীৰৰ কোষবোৰে অধিক বেয়া কলেষ্টেৰল উৎপন্ন কৰে। এয়া হৈছে বিপদ! কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিবলৈ বহুলোকে দৈনিক আহাৰৰ পৰা গাখীৰ আৰু দুগ্ধজাত সামগ্ৰী বাদ দিয়ে! কিন্তু গাখীৰে কলেষ্টেৰলৰ স্তৰ বৃদ্ধি কৰে নেকি? শেহতীয়া এক অধ্যয়নত, গৱেষকসকলে এই প্ৰশ্নটোৰ উত্তৰ দিছিল।
কলেষ্টেৰল হ্ৰাস কৰিবলৈ যথেষ্ট আঁহ থকা এই বীজ খাব পাৰে, যি সহজে পাকস্থলী ভৰ্তি কৰে, গোটেই দিনটো কম ভোক পায় আৰু কম খোৱা হয়। সেউজীয়া পাত আৰু বিভিন্ন পাচলি আৰু বাকলি থকা ফল যেনে মধুৰিআম, আপেলত অন্ত্ৰৰ চৰ্বি শোষণ হ্ৰাস কৰাৰ উপাদান থাকে। এই প্ৰকাৰৰ পাচলি আৰু ফলবোৰে আপোনাৰ তেজত এলডিএলৰ স্তৰ ১০ শতাংশলৈকে হ্ৰাস কৰিব পাৰে।