শিশুক খুওৱাটো (feeding children) বেছিভাগ মাতৃৰ বাবে এক যুদ্ধসদৃশ কাৰবাৰ। শিশুসকলে সকলো খাদ্য খাব নিবিচাৰে। প্ৰায়েই শিশুৰ মাজত পাচলি আৰু ফল খাবলৈ তীব্ৰ অনীহা থাকে। সেয়ে ঘৰত সৰুৰে পৰা অলপ অলপকৈ অভ্যাস (eating practice) কৰোৱা উচিত। তেতিয়া শিশুৰ সুষম আহাৰ (balanced and healthy food habit) খোৱাৰ অভ্যাস আৰম্ভণিৰ পৰাই সৃষ্টি হ'ব।