স্বাস্থ্য সচেতন লোকসকলৰ বাবে এতিয়া নতুন ট্ৰেণ্ড ‘ডিটক্স ৱাটাৰ’। চৰ্বতৰ দৰে ইয়াত চেনি নাথাকে বাবে শৰীৰৰ বাবেও বহু বেছি কেলৰিমুক্ত। মিক্সাৰ বা গ্ৰাইণ্ডাৰ ব্যৱহাৰ নকৰি ঘৰতে সহজতে প্ৰস্তু কৰিব পাৰে এই ‘ডিটক্স ৱাটাৰ’। ইচ্ছামতে মিহলাই ল’ব পাৰে নানা ধৰণৰ ফল, পাচলি আৰু হাৰ্বছৰ ফ্লেভাৰ। ডিটক্স পানীৰ বহুতো গুণ আছে যিবোৰ বহুতে নাজানে। ডিটক্স পানীয়ে শৰীৰত ইতিবাচক প্ৰভাৱ পেলায়। ডিটক্স ৱাটাৰে হজন শক্তি উন্নত কৰাত সহায় কৰে, ই ওজন হ্ৰাস কৰাত সহায় কৰে। এই পানীয়ই ছাল আৰু চুলিৰ স্বাস্থ্যও বজাই ৰাখে। ডিটক্স ৱাটাৰে শৰীৰৰ পৰা দূষিত পদাৰ্থ আঁতৰ কৰাত সহায় কৰে। শৰীৰৰ পি এইচ ভাৰসাম্য বজাই ৰাখে। হজম উন্নত কৰে। এই পানীয়ই শৰীৰত ৰোগ প্ৰতিৰোধ প্ৰণালী গঢ়ি তোলে। মন সতেজ কৰাই নহয়, ই শৰীৰক শক্তিও প্ৰদান কৰে। (Disclaimer : এই প্ৰতিবেদন কেৱল সাধাৰণ তথ্যৰ বাবে, সেয়েহে বিস্তাৰিতভাৱে জানিবলৈ সদাই বিশেষজ্ঞৰ পৰামৰ্শ লওক।)